আজিৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন। সম্পূৰ্ণ এমাহজুৰি চলিবলগীয়া এই অধিৱেশনতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দাখিল কৰিব প্ৰথমখন পূৰ্ণাংগ বাজেট ।১৬জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগয়ে ২০২১-২০২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিধানসভাত । মন কৰিবলগীয়া যে, অজন্তা নেওগেই হ’ব বাজেট দাখিল কৰা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ।আনহাতে, এমাহজোৰা বাজেট অধিৱেশনত দাখিল হ’ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক । ইয়াৰে দুখন বিধেয়কক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক মহলত তীব্ৰ বাদানুবাদ আৰু মতানৈক্য । এই বিধেয়ক দুখন হৈছে- জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সুৰক্ষা বিধেয়ক । ইফালে বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰৰ অধিৱেশনত কেতবোৰ কঠোৰ নিয়ম মানি চলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ।এইবেলি বিধানসভাত বন্ধ কৰা হৈছে সংবাদ মাধ্যমৰ প্ৰৱেশ । তদুপৰি নিৰাপত্তাজনিত কাৰণত এইবাৰ অধিৱেশনৰ সময়চোৱাত বিধানসভাত জামাৰৰ জৰিয়তে ম’বাইল নেটৱৰ্ক ডাউন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে । এইবাৰৰ অধিৱেশনত ৰাজ্যৰ ১২৬ গৰাকী বিধায়কলৈ বিধানসভা সচিবালয়ে লেপটপ যোগান ধৰিছে ।এই লেপটপতে সকলো বিধায়কে অনলাইনযোগে লাভ কৰিব অধিৱেশনৰ প্ৰতিদিনৰ কাৰ্যক্ৰমণিকাৰ সকলো নথি-পত্ৰ । প্ৰথমবাৰৰ বাবে এইবাৰৰ বাজেট অধিৱেশনত প্ৰচলন কৰা হৈছে বড়ো ভাষাৰ। বিধায়কসকলে অসমীয়া, ইংৰাজী, হিন্দী আৰু বঙালী ভাষাৰ লগতে বড়ো ভাষাতো প্ৰশ্ন উত্থাপন কৰিব পাৰিব বিধানসভাত ।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare