ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টিভি চেনেল কালাৰ্চযোগে সম্প্ৰচাৰিত হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে।একেখন দেশৰ বাসিন্দা হৈয়ো উত্তৰ-পূবৰ লোকসকলে দেশখনৰ বিভিন্ন প্ৰান্তত সন্মুখীন হোৱা বৰ্ণ বৈষম্যক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰিছে।ধাৰাবাহিকখনৰ কাহিনীৰ মূল পটভূমি উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিম। ছিক্কিমৰ পৰা নিমা ডেংজুনপা নামৰ যুৱতীগৰাকীয়ে মুম্বাইলৈ গৈ উত্তৰ-পূৰ্বাঞ্চলৰ বুলি কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় সেই কাহিনীক লৈ নিৰ্মিত হৈছে এই ধাৰাবাহিকখন।নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ নিমাৰ ভূমিকাত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে। ‘নিমা ডেংজুনপা ‘ ধাৰাবাহিকখন কালাৰ্চ চেনেলৰ লগতে অ’টিটি প্লেটফৰ্ম ভুটত সম্প্ৰচাৰ হ’ব। পেনিনচুলা পিকচাৰ্ছৰ বেনাৰত প্ৰযোজিত হৈছে এই ধাৰাবাহিকখন। হিন্দী দূৰদৰ্শনত সুৰভিৰ এইখন প্ৰথম ধাৰাবাহিক।তেওঁ ইতিমধ্যে অসমীয়া ধাৰাবাহিক ‘পৰিণীতা’ত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছে।ইতিমধ্যে ‘নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ Promo কালাৰ্চে মুকলি কৰিছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল