অসম বিধান সভাৰ দ্বাৰা বিধিগতভাৱে স্বীকৃত অসম বিধান সভাৰ প্ৰেছ ৰিপৰ্টাৰছ কমিটিখন ২৬ আগষ্টত নতুনকৈ আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।অসম বিধান সভাৰ নতুন বিধায়ক আৱাসৰ সভাকক্ষত অনুষ্ঠিত সাধাৰণ সভাত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সভাপতি আৰু হৰেন বুঢ়াগোহাঁঞিক সচিব হিচাপে সৰ্ব সন্মতি ক্ৰমে বাছনি কৰা হয়।সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে বাছনি কৰা কমিটিৰ আন বিষয়ববীয়া কেইগৰাকী হৈছে-উপ সভাপতি চেমিম চুলতানা আহমেদ, মৌচমজ্যোতি বৈশ্য আৰু বিশ্বজিৎ দাস,সহ: সচিব মুন গোস্বামী,নয়ন প্ৰতীম কুমাৰ, বিকাশ সিং,অনিৰুদ্ধ ভকত চুতীয়া,অহিদূৰ ৰহমান খান, বীৰেশ্বৰ দাস আৰু মুকুট ৰয়।জ্যেষ্ঠ সাংবাদিক প্ৰবীণ কলিতা,প্ৰাণজিৎ শইকীয়া, ৰাজকুমাৰ শৰ্মা,অমল গুপ্ত ,ভৱেন ঘিমিৰে, মনোজ কুমাৰ নাথ,উৎপল বৰুৱা আৰু দুৰ্গা ঘোষক কমিটি খনৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয়।উল্লেখযোগ্য যে কমিটিখনৰ পূৰ্বৰ সভাপতি প্ৰাণজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পূৰ্বৰ কমিটিখন ভঙ্গ কৰি দিয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক মনোজ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ জৰিয়তে নতুন কমিটিখন উপস্থিত সমূহ সদস্যৰ সহমতত গঠন কৰা হয়।ইপিনে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত প্ৰতিটো দৈনিক সংবাদগোষ্ঠীৰ নূন্যতম একোগৰাকী প্ৰতিনিধিক কমিটিখনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি সভাত সৰ্ব সন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী