ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ চতুৰ্থ সংখ্যক জিলা কাৰ্যনিৰ্বাহক সভাখন আজি দুলীয়াজান ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে। ইয়াৰ পিছতে সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত জিলা সভাপতিয়ে আদৰণি ভাষণ আগবঢ়ায়।মণ্ডল সভাপতি সকলৰ লিখিত প্ৰতিবেদন পাঠ কৰাৰ পিছত সভাত ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰে জিলা উপ-সভাপতি ডাঃ চৈকত পাত্ৰই । উক্ত সভাতেই মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাই ভাৰ্চুৱেল মাধ্যমৰ যোগেদি বক্তব্য প্ৰদান কৰে।আনহাতে উক্ত কাৰ্যনিৰ্বাহক সভাত জিলাৰ সাংগঠনিক দিশ আৰু আগন্তুক দিনত দলীয় কাৰ্যসূচীৰ সন্দৰ্ভত আলোকপাত কৰে সাংসদ তথা ডিব্ৰুগড় জিলা প্ৰভাৰী তপন কুমাৰ গগৈয়ে। ইফালে সভাত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। জিলাৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে আঁতধৰা কাৰ্যনিৰ্বাহকত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আদিৰ লগতে জিলাখনৰ প্ৰায় শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram