সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ জন্ম জয়ন্তী পালন কৰা হয় । বালিপৰাৰ এৰাগাঁওস্থিত শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰৰ উদ্যোগত আৰু এৰাগাঁওবাসী ৰাইজৰ সহযোগত আজি জন্ম জয়ন্তী উপলক্ষ্যে এক ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত কৰে । গাঁওখনৰ সমূহ ভক্তপ্ৰাণ ৰাইজ সমবেত হৈ ভাগৱত লৈ গাঁওখন প্ৰদক্ষিণ কৰে । গাঁওখনৰ প্ৰতিগৰাকী গৃহস্থই নিজ নিজ পদূলিত শৰাই, ধূপ-ধূনা ,চাকি আগবঢ়াই পৰিয়ালৰ সকলোৰে মংগল কামনাৰ্থে ভগৱন্তৰ চৰণত আঁঠু লৈ সেৱা কৰে । ভাগৱত ভ্ৰমণৰ সময়ছোৱাত গায়ন-বায়নৰ হৰিনাম, খোল-বাদ্যৰ শব্দত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী