কামৰূপ মহানগৰ জিলাত অবৈধ অৰু অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানাসমূহ সমূলঞ্চে উৎখাত কৰাৰ লক্ষ্যেৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই গঠন কৰি দিয়া টাস্ক ফৰ্চে জিলাখনৰ বিভন্ন প্ৰান্তত জোৰদাৰ অভিযান আৰম্ভ কৰিছে। কেতবোৰ ৰাজহুৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে জিলা প্ৰশাসনে চক্ৰ বিষয়া, দণ্ডাধীশ, আৰক্ষী খাদ্য সুৰক্ষা বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰ দ্বাৰা গঠন কৰা ‘টাস্ক ফৰ্চে’ ইতিমধ্যে জিলাখনৰ কেবাটাও অনুমতিবিহীন, অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে। পেচিফিক ৱাটাৰ, চিউৰ লাইফ, ট্ৰেপিষ্ট-১, ৰাইনো একুৱা, জী ড্ৰপচ্, হেল্ল’ ৱাটাৰ, হেভেন ডিউ, পিওৰ একুৱা, পিয়াছা ড্ৰপ আৰু লগতে কেবাটাও নামহীন পানী বটলিং কাৰখানা বন্ধ কৰি দিয়াৰ পিছত মন্তব্য প্ৰকাশ কৰি উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে বৃহত্তৰ স্বাৰ্থৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা জিলাখনৰ পৰা এনে অসাধু চক্ৰ সম্পূৰ্ণভাৱে উৎখাত নকৰা পৰ্যন্ত চলি থাকিব।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন