গুৱাহাটী বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ‘ইমার্জিং নর্থ-ইষ্ট’ প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদর্শনী অহা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৷ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ প্ৰধান সচিব আই.এ.এছ ড০ কে.কে দ্বিবেদী, শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ আই আৰ এছ.ই.ই বিনীত কুমাৰ, ভাৰত চৰকাৰৰ ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় কনচৰ্টিয়ামৰ পৰিচালন সঞ্চালক আই.এ.এছ নীলকমল দৰবাৰী, মেঘালয় চিমেণ্টছ লিমিটেডৰ পৰিচালনা সঞ্চালক মহেন্দ্ৰ কে আগৰৱালা, এছ’চেমৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ সঞ্চালক পাৰমিন্দৰ জিত কৌৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। প্ৰদৰ্শনীখনৰ খনৰ জৰিয়তে অঞ্চলটোৰ সাম্ভাব্য খণ্ডসমূহ প্ৰদৰ্শন কৰাৰ এক সুযোগ প্ৰদান কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন, চৰকাৰী বিভাগ আৰু আন সকলো অংশীদাৰক এই প্ৰচেষ্টাত সামৰি লোৱা হৈছে ৷ গুৱাহাটীত তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদর্শনীখনত বিভিন্ন উদ্যোগ, প্ৰতিষ্ঠান, এফপিঅ’, কৃষক, ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ উপস্থিতিৰে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰত্ব আৰোপ কৰা হৈছে ৷ আন্তঃগাঁথনি, নেটৱৰ্ক আৰু সংযোগ, বিত্তীয় সা-সুবিধা আৰু সম্পদৰ ব্যৱহাৰ আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহত ঘূৰণীয়া মেজমেল, সন্মিলন, অধিৱেশন অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মাননীয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে অসম। মই দৃঢ় বিশ্বাসী যে নতুন পদক্ষেপ তথা মুখ্য প্ৰকল্প আৰু সেৱা প্ৰদানৰ দিশত চৰকাৰে লোৱা পদক্ষেপে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ লগতে যুৱ প্ৰজন্মৰ বাবে অধিক চাকৰি সৃষ্টি কৰাত সহায় কৰিব। আমি বিগত বছৰসমূহত ব্যৱসায়িক ক্ষেত্ৰখনত একেৰাহে সহযোগিতা কৰি আহিছো ৷ ৰাজ্যত ব্যৱসায় আৰম্ভ কৰিবলৈ বিচৰাসকলক সমর্থন আগবঢ়াবলৈ আমাৰ ওচৰত দক্ষ বিষয়া আছে ৷ আমি বিভিন্ন প্ৰযুক্তি গ্ৰহণ কৰিছো আৰু ব্যৱসায়িক কাম-কাজ সহজ কৰাৰ বাবে নীতিবোৰ সলনি কৰা হৈছে।”
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year