ঢকুৱাখনাৰ এগৰাকী প্ৰত্যয়ী,স্বাভিমানী আৰু কৰ্মোদ্যমী নাৰী । প্ৰাত্যহিক জীৱনৰ সীমাহীন ঘাট প্ৰতিঘাত , দাৰিদ্ৰতা কিম্বা বৈষয়িক ব্যস্ততাই তিলমানো তলাব কৰিব নোৱাৰা এইগৰাকী অদম্য কৰ্ম শক্তিসম্পন্ন আৰু দৃঢ়মনা মহিলাৰ হৈছে লাবন্য বৰুৱা । ঢকুৱাখনা মহকুমাৰ বাটমাৰী গাঁওৰ বাসিন্দা সদা হাস্যমুখী এইগৰাকী কৰ্মোদ্যমী নাৰীৰ নিৰন্তৰ প্ৰয়াস আৰু প্ৰচণ্ড আত্মোৎস্বৰ্গী চিন্তা চেতনাৰ প্ৰতিভূ ৰূপে ঈর্ষণীয় ৰূপত গঢ় লৈ উঠিছে “অসম টেক্সটাইল” নামৰ এক থলুৱা হস্ত তাঁত বস্ত্ৰৰ উদ্যোগ । চৰকাৰমুখী আৰু চাকৰিমুখী প্ৰৱণতাই আজিৰ নিবনুৱা আৰু যুৱ প্ৰজন্মক আচ্ছন্ন কৰি ৰখাৰ সময়তে এইগৰাকী নাৰীয়ে এপদ দুপদকৈ ধাৰ ঋনেৰে মূলধন চপাই আত্মনিৰ্ভৰশীলতাৰ সোপান সংগ্ৰহ কৰি নিজ হাতে গঢ়ি তোলা বয়ন শিল্পৰ জৰিয়তে আজিৰ দিনত সফলতাৰ সৰ্বোচ্চ শিখৰত উপনীত হবলৈ সমৰ্থ হৈছে। কোনোধৰণৰ চৰকাৰ প্ৰদত্ত প্ৰশিক্ষণ কিম্বা দিহা পৰামৰ্শ আৰু অৰ্থানুদানৰ মুখ নেদেখা এইগৰাকী আত্মবিশ্বাসী উদ্যমী মহিলা লাবন্য বৰুৱাই নিজ হাতে শ্ৰম কৰি প্ৰথমে ঘৰৰ পিৰালীত স্থাপন কৰি লৈছিল এখন মাটি তাত শাল । এই শালতেই বয়ন শিল্পৰ বীজ অংকুৰন কৰি আজিৰ দিনত এগৰাকী সফল আৰু সুনিপুণ শিপিনী হিচাপে নহয় ,দেশ বিদেশলৈ স্ব উৎপাদিত বস্ত্ৰ সম্ভাৰ ৰপ্তানি কৰি স্বাৱলম্বনৰ সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সমৰ্থ হৈছে। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা এন ই ফ`কাচৰ সতে হোৱা বাৰ্তালাপত স্বাভিমানী মহিলা গৰাকীয়ে জনোৱা মতে মনত বয়ন শিল্পৰ একপূৰ্ণাংগ আৰু সফল উদ্যোগ স্থাপনৰ উচ্চাকাংক্ষা পুহি ৰখা লাবন্য বৰুৱাৰ বাবে এখন ঘৰুৱা তাঁত শালৰ পৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কৰি এই সপোন বাস্তৱায়িত কৰাতো দুৰ্বোধ্য আছিল । তৎস্বত্বেও মনত অদম্য সাহস বান্ধি জীৱন পথৰ সীমাহীন ঘাট প্ৰতিঘাত অতিক্রমী এগৰাকী শুভাকাংক্ষী মহিলা উদ্যোগী বিদ্যা দিহিঙীয়াই প্রদান কৰা এখন তাঁতী শালত কাপোৰ বৈ আৰ্জিত পুঁজিৰে দুই পুত্ৰক বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰি তুলিলে । পৰৱৰ্তী সময়ত মাতৃৰ অপূৰ্ণ সপোন বাস্তৱায়িত কৰিবলৈ দুই স্নাতক পুত্ৰ ক্ৰমে কুশল আৰু যুগলে বৰ্হি ৰাজ্য গোৱালৈ গৈ প্ৰায় ২,টা বছৰ ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাপে সেৱা আগবঢ়াই আৰ্জিত পুঁজি সঞ্চয় কৰি মাতৃক অৰ্পণ কৰে । দুই পুত্ৰৰ আৰ্জিত পুঁজিৰে বৰুৱাই ঘৰৰ চোতালতে সাজি উলিয়াই এটা গৃহ আৰু তাত পৰ্যায় ক্ৰমে ইখনৰ পাছত সিখন বিজ্ঞানসন্মত তাঁত শাল স্থাপন কৰে । বিগত ২০১৭ চনৰ পৰাই আত্ম প্ৰতিষ্ঠাৰ এই দুৰ্বাৰ সংগ্ৰাম অব্যাহত ৰাখি আজিৰ দিনত এগৰাকী সফল আৰু স্বাৱলম্বী শিপিনীলৈ উত্তৰণ ঘটিল বৰুৱাৰ । কেৱল সেয়ে নহয় “অসম টেক্সটাইল” নামৰ বৃহৎ বয়ন উদ্যোগটোৰ স্বত্বাধিকাৰী হিচাবেও স্বাৱলম্বনৰ জয়গান গাবলৈ সক্ষম হৈছে মহিলা গৰাকী। সম্প্ৰতি মুঠ ১১ খন বিজ্ঞানসন্মত হস্ত তাঁত শালত বৰ্হি ৰাজ্যৰ মুঠ ২৫ গৰাকী শিপিনী নিয়োজিত কৰি নিবনুৱা সংস্থাপনৰ এক উদ্যোগলৈ উত্তৰণ ঘটাবলৈ সক্ষম হোৱা মহিলা গৰাকীৰ দুই পুত্ৰয়ো মাতৃ আৰু অন্যান্য শিপিনী সকলৰ সৈতে দিন নিশা একাকাৰ কৰি ব্ৰতী হৈছে নিৰন্তৰ বস্ত্ৰ উৎপাদনত। বস্ত্ৰ উদ্যোগটোৰ পৰিদর্শন কালত ১১ খন তাত শালত এৰী মুগা , মুগা, টচ মুগাৰ বিভিন্ন বস্ত্ৰ ,গামোচা,চাদৰ মেখেলা আদি প্ৰস্তুত কৰি থকা পৰিলক্ষিত হল । কোনোধৰণৰ স্থায়ী বিপনী ক্ষেত্ৰ নথকা স্বত্তেও উদ্যমী মহিলা গৰাকীয়ে গৃহ ৰাজ্যখনৰ লগতে বৰ্হি ৰাজ্যলৈকো স্ব উৎপাদিত বস্ত্ৰ সম্ভাৰৰ ব্যৱসায় অব্যাহত ৰাখিছে বুলি জানিবলৈ দি আজিৰ দিনত অফলাইন আৰু অনলাইন দুয়ো পদ্ধতিৰে ব্যৱসায়ৰ পৰিধি সম্প্ৰসাৰিত কৰা বুলি জনালে। ভৱিষ্যতে থলুৱা পৰম্পৰাগত নিভাঁজ সাজ পোছাক উৎপাদনৰ লক্ষ্য পুহি ৰখা কৰ্মঠ মহিলা গৰাকীয়ে মাহিলী অতিকে সন্তোষজনক পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰত্যয়েৰে জনালে । মুঠ ১১খন শালৰ প্ৰতিখন তাঁত শালত একৰ পৰা ডেৰ লাখ টকা মূল্যৰ কেঁচা সামগ্ৰী সূতা ব্যৱহাৰ কৰি বস্ত্ৰ উৎপাদন কৰি থকা স্বাভিমানী মহিলা গৰাকীয়ে নাৰী দিৱসৰ পবিত্ৰ দিনটোত থলুৱা নিবনুৱা যুৱতী সকলক স্ব নিয়োজনৰ বাবে বৃত্তিমুখী অথবা চৰকাৰমুখী নহৈ এনে প্ৰচুৰ সম্ভাৱনা পূৰ্ণ বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত হোৱাৰ পৰামর্শ আগবঢ়ায় । অবাবত পৰচর্চাৰে সময় অপচয় নকৰি এনে উৎপাদনশীল আৰু সৃষ্টিশীল কৰ্মত নিয়োজিত হলে আত্ম সন্তুষ্টিৰে লগতে সফলতাৰ সেন্দুৰীয়া পথত আগুৱাই যাবলৈ নিশ্চিত ভাবে সক্ষম হব পাৰিব বুলি অভিজ্ঞতা লব্ধ মন্তব্য কৰে । তাৰোপৰি নিজৰ লগতে অন্য বহু জন নিবনুৱাক কৰ্ম সংস্থাপন দিবলৈ সমৰ্থ হব বুলি জানিবলৈ দি এয়া এগৰাকী নাৰীৰ সামাজিক দায়বদ্ধতা বুলিও কলে। এগৰাকী নিঃস্ব মহিলাই সংঘৰ্ষময় জীৱন শৈলীৰ প্ৰত্যাহ্বান নেওচি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা এনে অনুকৰণীয় আৰু প্ৰেৰণা দায়ক দৃষ্টান্ত আজি বিশ্ব নাৰী দিৱসৰ দিনা নিতান্তই প্ৰশংসনীয় হিচাপে ধৰা দিছে । কোনো আগ্ৰহী ক্রেতাই বস্ত্ৰ উদ্যোগটোৰ উৎপাদিত নিখুঁত আৰু নিৰ্ভেজাল বস্ত্ৰ সম্ভাৰ ক্ৰয় কৰিব বিচৰিলে পাকৈত শিপিনী বৰুৱাৰ ৯৯৫৪৮ ০৪৭৭২ আৰু ৬০০১৮ ৭৫৩৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
বাতৰি যুগুতালৰ অমৃত পৱন বৰাই।