প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰম্ভ

0 279

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (Indigenous and tribal faith and culture department)ৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত আজি ‘অসমৰ চৰাইদেউ জিলাৰ আহোম মৈদামসমূহৰ গুৰুত্ব, পবিত্ৰতা আৰু মূল্য-আধাৰিত ব্যৱস্থাপনা’ (Importance, Sacred Landscape and Value-Based Management of the Ahom Moidams of Charaideo in Assam, India) শীৰ্ষক বিষয়ত এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰম্ভ কৰা হয়।

শিৱসাগৰ জিলাৰ নাজিৰাৰ অ’এনজিচিৰ ভাৰতৰত্ন ড° বি.আৰ. আম্বেদকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা চক্ৰ খনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা,থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমা ৰেখা ভূঞা, শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, তেল আৰু প্ৰাকৃতিক গেছ নিগম নাজিৰাৰ কাৰ্য্যবাহী সঞ্চালক আৰ. কে. শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালক ড° দীপি ৰেখা কৌলী, থাইলেণ্ড আৰু শ্ৰীলংকাৰ বহুকেইগৰাকী প্ৰতিনিধিৰ লগতে, বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক তথা বহু কেইগৰাকী বুৰঞ্জীবিদ উপস্থিত থাকে। তদুপৰি, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন, খনি আৰু খনিজাত সম্পদ বিভাগৰ মন্ত্ৰী যোগেন মহন  উপস্থিত থাকে।

পাটসাঁকো সোণাৰিৰ শিল্পী বৃন্দই পৰিবেশন কৰা মংগলাচৰণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালক ড° দীপি ৰেখা কৌলীয়ে, মূল বক্তব্য প্ৰদান কৰে পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকনে, বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায় মুখ্য সচিব জিষ্ণু বৰুৱাই। তদুপৰি সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱেৰেও চৰাইদেউৰ মৈদামৰ সন্দৰ্ভত বহুমূলীয়া বক্তব্য আগবঢ়ায়।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ বক্তব্যত প্ৰত্নতত্ব বিভাগৰ এই উদ্যোগৰ শলাগ লৈ এই পদক্ষেপৰ জৰিয়তে অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল সমল সমূহৰ তথ্য-প্ৰমাণ ভৱিষ্যতলৈ সংৰক্ষণ কৰি ৰখাত সহায়ক হ’ব বুলি মন্তব্য কৰে। অসমত ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বুৰঞ্জী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই প্ৰয়াসে গুৰুত্বপূৰ্ণ তথা সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলি অধ্যক্ষ গৰাকীয়ে মত প্ৰকাশ কৰে। আহোম ৰাজত্বৰ স্থাপত্য-ভাস্কৰ্যৰ কাৰিকৰী তথা প্ৰযুক্তিৰ বিজ্ঞানসন্মত তথা তুলনাত্মক বিশ্লেষণৰ ক্ষেত্ৰত এই মঞ্চই এক যুগান্তকাৰী পথ প্ৰশস্ত কৰিব বুলি নিজ বক্তব্যত উল্লেখ কৰে।

উল্লেখ্য যে, আলোচনা চক্ৰখনৰ জৰিয়তে চৰাইদেউ মৈডাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত কিছু হলেও সহায় হ’ব বুলি মন্তব্য কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই।

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।পৰৱৰ্তী সময়ত থাইলেণ্ড আৰু শ্ৰীলংকাৰ বহুকেইগৰাকী প্ৰতিনিধিৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদ সকল, ছাত্ৰ-ছাত্ৰী সকলক প্ৰমুখ্যে কৰি প্ৰত্নতত্ব বিভাগৰ বিষয়া কৰ্মচাৰী সকল চৰাইদেউ জিলাৰ প্ৰত্নতাত্ত্বিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। বিয়লি শিৱসাগৰ জিলাৰ বিভিন্ন নৃগোষ্ঠীয় গাঁও আৰু কুটিৰ শিল্প কেন্দ্ৰ পৰ্যবেক্ষণ কৰে। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰে। এই আলোচনা চক্ৰ খন ১২ মাৰ্চত অন্ত পৰিব।

 

Leave A Reply

Your email address will not be published.