নাৰেংগী,চানমাৰি, গান্ধীবস্তি আৰু গণেশপাৰাত অনুষ্ঠিত নির্বাচনী সভাত মুখ্যমন্ত্ৰী অংশগ্ৰহণ।প্ৰতিটো ৱাৰ্ডৰে নতুন পথ নিৰ্মাণ আৰু পুৰণি পথৰ মেৰামতি বাবে ১০ কোটি টকাকৈ ব্যয় কৰা হ’ব: মুখ্যমন্ত্ৰী

0 210

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে আজি মহানগৰীৰ নাৰেংগী , চানমাৰি,গান্ধীবস্তি আৰু গণেশ পাৰাত অনুষ্ঠিত মুঠ চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়।নাৰেংগী ক্ৰীড়া সংঘৰ খেলপথাৰত আয়োজিত প্ৰথমখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীৰ দ্ৰুত উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰূপ ডেকা ৱাৰ্ড নং ৪৯, ডিম্পল ৰাভা ৱাৰ্ড নং -৫১ ,গকুল গোস্বামী ৱাৰ্ড নং -৫২ ,লিপিকা পাটোৱাৰী কলিতা ৱাৰ্ড নং-৫৩,আৰু গৌৰী বৰা ৱাৰ্ড নং-৫৮ ক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী চাৰি বছৰৰ প্ৰতিটো ৱাৰ্ডৰ জনসাধাৰণে এখনকৈ চৰকাৰী চিকিৎসালয় লাভ কৰিব যাতে জনসাধাৰণে নিজা ৱাৰ্ডতে চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়।তেওঁ কয় যে জাইকাৰ অধীনত অহা জুলাই মাহৰ পৰা গুৱাহাটীবাসীয়ে নলযোগে অবিৰত ভাৱে পানী লাভ কৰিব।পৰ্যায়ক্ৰমে জাইকা পানী যোগান প্ৰকল্পৰ জৰিয়তে সমগ্র মহানগৰবাসীকে পানী যোগানৰ দ্বাৰা সামৰি লোৱা হ’ব।মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ প্ৰত্যেকতে ১০ কোটি টকাকৈ ব্যয় কৰি নতুন পথ নিৰ্মাণ কৰাৰ লগতে পুৰণি পথ সমূহৰ উন্নয়ন সাধন কৰা হ’ব। প্ৰতিটো সমষ্টিতে ১ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভূক্তিৰে অৰুনোদয় আঁচনিৰ অধীনত নতুনকৈ ৬০ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হ’ব বুলি তেওঁ কয়।বিদ্যুতৰ বিল পৰিশোধৰ বাবে অৰুণোদয় হিতাধিকাৰী সকলক অতিৰিক্ত ২৫০ টকা দিয়া বুলি উল্লেখ কৰি কয় যে এই আঁচনিৰ হিতাধিকাৰী সৰ্বমুঠ ১২৫০ টকাকৈ লাভ কৰিব।

গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা উল্লেখনীয় ভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিবেদন অনুসৰি যোৱা জানুৱাৰী মাহৰ তুলনাত মহানগৰীত অপৰাধ মূলক ঘটনা ৩৯ শতাংশ হ্ৰাস পাইছে।মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বেতকুছিলৈ চৰকাৰী বিভাগসমূহ স্থানান্তৰ কৰিব বিচাৰিছে।ইয়াৰ জৰিয়তে খালি হোৱা ঠাই সমূহত শিশুৰ বাবে উদ্যান তথা মহানগৰীবাসী অৱসৰ বিনোদনৰ বাবে সুব্যৱস্থা কৰা হ’ব বুলি কয়।লগতে কয় যে ৰাজ্য চৰকাৰে এপাৰ্টমেণ্ট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত থকা ব্যৱস্থা সমূহ সৱলীকৰণ কৰিছে যাতে মধ্যবিত্ত পৰিয়ালেও যাতে তেওঁলোকৰ সপোনৰ এটা ঘৰ লাভ কৰিবলৈ সমৰ্থ হয়।পথ দুৰ্ঘটনাত যাতে যুৱ প্ৰজন্মই তেওঁলোকৰ মূল্যবান জীৱন হেৰুৱাব লগীয়া নহয়,তাৰ বাবে ট্ৰেফিক আইন কঠোৰ ভাৱে বলবৎ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত মহানগৰী দুৰ্ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।মহানগৰীত কিশোৰী যুৱতীসকলেও যাতে নিশালৈ ভয়বিহীন ভাৱে ঘূৰি ফুৰিব পাৰে তাৰ বাবে সমাজৰ অপশক্তিৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।একচনীয়া মাটি তথা গুৱাহাটীৰ মহানগৰী পাহাৰ সমূহত বসবাস কৰা থলুৱা লোক সকলে যাতে মাটিৰ অধিকাৰ ভোগ কৰিব পাৰে তাৰ বাবে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে যথোচিত পদক্ষেপ লোৱা হ’ব বুলি কয়।সভাত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা,চাহ জনজাতি কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ তপন কুমাৰ গগৈ,বিধায়কদ্বয় অতুল বৰা,জয়ন্তমল্ল বৰুৱা তথা অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে চানমাৰিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।এই সভাত কৃষি মন্ত্ৰী অতুল বৰা,জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে।আনহাতে মুখ্যমন্ত্ৰী গান্ধীবস্তিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃগেন শৰণীয়া,মেঘনা হাজৰিকা,স্নিগ্ধা দৈমাৰী হৈ প্ৰচাৰ চলায়।এই নিৰ্বাচনী সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত,সাংসদ কুইন ওজা,বিধায়ক সকল ক্ৰমে ৰূপক শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,মানৱ ডেকা,ভাস্কৰ শৰ্মা,উপস্থিত থাকে।মুখ্যমন্ত্ৰীয়ে গণেশপাৰাত অনুষ্ঠিত আন এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কয় যে চেৰাবভাটিত নিৰ্মাণ হৈ থকা উৰণ সেতুখনৰ কাম চলিত বর্ষ দুৰ্গা পূজা পূৰ্বে সম্পূৰ্ণ হৈ উঠিব।উৰণ সেতু খন দুৰ্গা পূজাৰ উপহাৰ হ’ব বুলিও কয়।এই সভাত কৃষি মন্ত্ৰী অতুল বৰা,শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু,শক্তিমন্তী বিমল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাছা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.