বামুণীমৈদামৰ জ্যোতিনগৰত থিয় নামৰ অনুষ্ঠান সম্পন্ন

0 305

গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ জ্যোতি নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন হল ঘৰ প্ৰাঙ্গণত বিগত বছৰৰবোৰৰ দৰে এইবেলিও ৭ বিহু উপলক্ষে পৰম্পৰাগতভাৱে উদযাপিত “থিয়নাম” যোৱা ২০ এপ্রিল তাৰিখে আয়োজন কৰা হয়। সমাজৰ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি নৱজিৎ চৌধুৰী, সম্পাদক হিতেশ পাঠক, সাংস্কৃতিক সম্পাদক মৃত্যুঞ্জয় চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত সন্ধ্যা বন্তি প্ৰজ্বলন কৰে ডা: প্ৰণৱ বৰুৱাই। ৬-১০ বজাত থিয় নাম মুকলি কৰে বাবুল বৰাই। অনুষ্ঠানত অৱনী ৰঞ্জন পাঠকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানত ৰীণা মহন্ত আৰু কল্যাণী তালুকদাৰৰ দল, সঞ্জয় পাঠকৰ দল, শিৰোমণি সংঘ নাৱৰীয়া দল (পাঠক: গীতা পাটোৱাৰী) আৰু শ্ৰীমন্ত শংকৰদেৱ সমাজ নাৱৰীয়া দল (পাঠক : হৰেকৃষ্ণ তালুকদাৰ) দলে অংশ লৈ থিয় নাম পৰিৱেশন কৰে।

 

Leave A Reply

Your email address will not be published.