সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যি সকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা, বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয়। আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি. আই.জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ.চি.সিঙে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কমাণ্ডেন্ট ডাঃ বিনয় কুমাৰ, সহকাৰী কমাণ্ডেন্ট বলজিৎ সিং , পৰিদৰ্শক প্ৰসেন শইকীয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে বি. এছ.এফৰ সূত্ৰই সদৰি কৰা অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেঞ্চন আদালতত এছ. বি আইকে ধৰি পেঞ্চনৰ লগত জড়িত কেবাটাও ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰতিনিধি উপস্থিত থাকে। তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ পেঞ্চন জনিত সমস্যা থকা বি.এছ.এফৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান আৰু মৃত বিষয়া-জোৱানৰ বিধবা পত্নীকে পৰিয়ালৰ প্ৰায় ৫০ জনমান লোক উপস্থিত থাকে। আনহাতে উপস্থিত থকা বেছিভাগৰে পেঞ্চনৰ আসোঁৱাহ , সমস্যা সমূহ সমাধানসূত্ৰ উলিয়াই তেওঁলোকক বহু সকাহ দিয়া হয় ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ