কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৪ মে’ত জিলাখনৰ অন্যান্য তিনিটা স্থানৰ লগতে ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।এই লোক আদালতত ফৌজদাৰী, দেৱানী,পাৰিবাৰিক,মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ,বেংকৰ ঋণ,বিদ্যুৎ বিল অনাদায় ইত্যাদি সম্পৰ্কীয় বিভিন্ন গোচৰৰ মীমাংসাৰ জৰিয়তে নিষ্পত্তিৰ পদক্ষেপ লোৱা হৈছে । ক’ভিড পৰিস্থিতি পৰিপ্ৰেক্ষিতত এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে ভাৰ্চুৱেল বা অনলাইন আৰু ব্যক্তিগত উপস্থিতি উভয় মাধ্যমৰ ব্যৱস্থা থাকিব।যিসকল লোকে ইতিমধ্যে আদালত,বেংক অথবা বিদ্যুৎ বিভাগৰ পৰা জাননী পাইছে তেওঁলোকক গোচৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট আদালত বা বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।এই সম্পৰ্কীয় অধিক তথ্যৰ বাবে ৯৫৩১২৮৮৮৬৭ আৰু ৯৮৫৪০৮৪১৫২ নম্বৰত ফোন অথবা হোৱাটছএপ কৰাৰ লগতে [email protected] ত ই-মেইল কৰাৰ বাবে কামৰূপ জিলাৰ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আহ্বান জনাইছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ