জামুগুৰিহাটত ভাগৱত পাঠৰ মুখ্য অনুষ্ঠান সম্পন্ন

0 260

কভিড সৃষ্ট পৰিবেশৰ পৰা মুক্ত হৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মংগলবৰীয়া নিবাসী স্বৰ্গীয় দিলিৰাম চিৱাগুটিৰ বাসগৃহত বিশ্ব শান্তিৰ কামনাৰে শ্ৰী বৈকুন্ঠ প্ৰাপ্তিৰ লগতে ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰে সংস্কাৰ হোৱাৰ কামনাৰে এক সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্ৰী শ্ৰী মদ ভাগৱত পাঠ অনুষ্ঠান । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মুখ্য আকৰ্ষণ এক লক্ষ্যাধিক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শনিবাৰে সন্ধ্যা সম্পন্ন কৰে।উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচী পৰিয়ালৰ সকলোৰে শ্ৰী বৈকুন্ঠ প্ৰাপ্তিৰ আৰু ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰ সংস্কাৰ হোৱাৰ লগতে পূৰ্বপুৰুষসকলৰ আত্মাই শান্তি পোৱাৰ কামনাৰে এই অনুষ্ঠান কৰা হয় বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা অলংকৃত কৰে আচাৰ্য্য পণ্ডিত দেৱনায়ক অধিকাৰী আৰু সমূহ সংগীবৃন্দসকলে । বৰ্তমানৰ নৱপ্ৰজন্মসকলে ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা কৰিলেহে সমাজত কু-সংস্কাৰৰ পৰা বিৰত থাকি এক শান্তি ভাৱধাৰাৰে সমাজখন নিকা কৰিব পাৰিব জানিবলৈ দিয়ে প্ৰবচক আচাৰ্য্য পণ্ডিত দেৱনায়ক অধিকাৰীয়ে।এক সপ্তাহযোৰা বিস্তৃত কাৰ্য্যসূচীৰে মাঙ্গলিক নিয়মৰ মাজেৰে উদযাপন কৰিলে ভাগৱত পাঠ অনুষ্ঠান।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.