ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ৰাজধানী চহৰ সমূহক ব্ৰডগজ ৰেল লাইনৰে পোনপটীয়াকৈ সংযোগ কৰা আঁচনিৰ অংশ হিচাপে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰক সংযোগ কৰাৰ বাবে চলি আছে এক বৃহৎ ৰেলৱে প্ৰকল্প । কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ২৯ জুনৰ দিনা মাজনিশা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মণিপুৰৰ নিৰ্মীয়মান টুপুল ৰেলৱে স্টেচনত হোৱা ভয়াবহ ভূমিস্খলনত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ অভিযন্তাসহ কেবাজনো কৰ্মচাৰী , নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক আৰু ওচৰতে থকা সেনা বাহিনীৰ চাউনিৰ কেবাজনো সেনা দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । অৱশেষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নিৰ্দেশ মৰ্মে ৪ আৰু ৫ জুলাইত ভূমিস্খলনৰ স্থান পৰিদৰ্শন কৰে ৰেলৱেৰ নিৰ্মাণ শাখাৰ মালিগাঁওস্থিত নিৰ্মাণ বিভাগৰ এম্পলয়িজ ইউনিয়নৰ এটা সজাতি দলে । শাখা সম্পাদক টংকেশ্বৰ বৈশ্য , যুটীয়া সম্পাদক উৎপল ঠাকুৰীয়া আৰু লামডিং সংমণ্ডলৰ সহকাৰী সম্পাদক হেমন্ত কলিতাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে জিৰিবাম- টুপুল -ইম্ফল ৰেল লাইনৰ ভূমিস্খলনস্থলী পৰিদৰ্শন কৰে ।তেনেদৰে পৰিদৰ্শন কালত দলটোৱে উদ্ধাৰ কাৰ্য্যৰ লগত জড়িত ৰেলৱেৰ উচ্চপদস্থ বিষয়াৰ লগত এক আলোচনাত মিলিত হয়।আনহাতে নিখোঁজ হৈ থকা লোকৰ পৰিয়ালবৰ্গৰ লগত মিলিত হৈ সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোৱে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন