ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ৰাজধানী চহৰ সমূহক ব্ৰডগজ ৰেল লাইনৰে পোনপটীয়াকৈ সংযোগ কৰা আঁচনিৰ অংশ হিচাপে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰক সংযোগ কৰাৰ বাবে চলি আছে এক বৃহৎ ৰেলৱে প্ৰকল্প । কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ২৯ জুনৰ দিনা মাজনিশা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মণিপুৰৰ নিৰ্মীয়মান টুপুল ৰেলৱে স্টেচনত হোৱা ভয়াবহ ভূমিস্খলনত ৰেলৱেৰ নিৰ্মাণ বিভাগৰ অভিযন্তাসহ কেবাজনো কৰ্মচাৰী , নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক আৰু ওচৰতে থকা সেনা বাহিনীৰ চাউনিৰ কেবাজনো সেনা দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লবলগীয়া হয় । অৱশেষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নিৰ্দেশ মৰ্মে ৪ আৰু ৫ জুলাইত ভূমিস্খলনৰ স্থান পৰিদৰ্শন কৰে ৰেলৱেৰ নিৰ্মাণ শাখাৰ মালিগাঁওস্থিত নিৰ্মাণ বিভাগৰ এম্পলয়িজ ইউনিয়নৰ এটা সজাতি দলে । শাখা সম্পাদক টংকেশ্বৰ বৈশ্য , যুটীয়া সম্পাদক উৎপল ঠাকুৰীয়া আৰু লামডিং সংমণ্ডলৰ সহকাৰী সম্পাদক হেমন্ত কলিতাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে জিৰিবাম- টুপুল -ইম্ফল ৰেল লাইনৰ ভূমিস্খলনস্থলী পৰিদৰ্শন কৰে ।তেনেদৰে পৰিদৰ্শন কালত দলটোৱে উদ্ধাৰ কাৰ্য্যৰ লগত জড়িত ৰেলৱেৰ উচ্চপদস্থ বিষয়াৰ লগত এক আলোচনাত মিলিত হয়।আনহাতে নিখোঁজ হৈ থকা লোকৰ পৰিয়ালবৰ্গৰ লগত মিলিত হৈ সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোৱে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি