গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত অৱস্থিত পল্লৱী মটৰ্চত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত মাৰুটি চুজুকীৰ নৱতম সংযোজন ব্রেজাৰ এক নতুন মডেল মুকলি কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। আটকধুনীয়া বাহনখন মুকলি কৰি পল্লৱী মটৰ্চ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক অভিনন্দন জনোৱাৰ লগতে বাহনখনৰ সুৰক্ষাৰ ক্ষেত্ৰত সংযোজিত দিশসমূহে ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাত অগ্ৰাধিকাৰ লাভ কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ সৰ্বস্তৰৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱাৰ লগতে কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি গাড়ী নচলায় সেই কথা উল্লেখ কৰি তেওঁ পথসুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিৰ্দেশনা সমূহৰ প্ৰতি সময়তে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে বাহনখনৰ মুকলি অনুষ্ঠানত মাৰুতি চুজুকীৰ দিব্য মিশ্ৰ, জোনমণি চক্ৰৱৰ্তী, দ্বীপেন বৈশ্যকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতি থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ