গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আজাৰা অঞ্চলৰ ছাত্ৰী , যুৱতী , মহিলা সকলৰ উন্নয়ন , উত্তৰণৰ হকে কাম কৰি অহা “স্বৰগম মহিলা গোষ্ঠীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰথমখন নাৰী শিক্ষানুষ্ঠান চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীক প্ৰতি বছৰে সম্মানিত কৰি উৎসাহ যোগাই আহিছে । এইবেলি হাইস্কুল খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আজাৰা লাপাতুল অঞ্চলৰ বাসিন্দা অপূৰ্ব ডেকা আৰু কবিতা ডেকাৰ কন্যা তৃষ্ণা ডেকাক ৭ জুলাইত আজাৰা বন্ধু মিলন নাট্য মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগদ ধন , মানপত্ৰ , গামোছা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । স্বৰগম মহিলা গোষ্ঠীৰ সভানেত্ৰী বিজু মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অজন্তা দাস , জুনু বৰুৱা , দীপা দাস , হীৰামণি দাস , বিজিতা যখৰীয়া , মীনা দাস , মঞ্জু মজুমদাৰকে ধৰি গোষ্ঠীৰ উপস্থিত কেবাজনী সদস্যই তৃষ্ণা ডেকাক আশীৰ্বাদ প্ৰদান কৰি আগন্তক শৈক্ষিক জীৱনত ইয়াতকৈ উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে তাৰ কামনা কৰে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন