লক্ষীপুৰত উপস্থিত হৈ হাতী-মানুহৰ সংঘাতৰ বুজ ল’লে মন্ত্ৰী সিংহলে-পৰ্যালোচনা কৰিলে লক্ষীপুৰ পৌৰসভাৰ বিভিন্ন কাম-কাজৰ

0 201

১৯৮৩ চনৰ ১ জুলাইত গোৱালপাৰা জিলা নতুনকৈ গঠন হোৱা দিনটোৰ সৈতে সংগতি ৰাখি আয়োজিত গোৱালপাৰা জিলা দিৱসৰ এই বৰ্ষৰ বৰ্ণাঢ্য কাৰ্যসূচীত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে।

এই অনুষ্ঠানতে তেওঁ এখন বাকৰিত সৰ্ববৃহৎ বিহু নৃত্য ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ গঢ়া গোৱালপাৰা জিলাৰ ১৮৪ গৰাকী বিহুৱা-বিহুৱতীক আজি আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ আৰু সন্মান হিচাপে ২৫,০০০ টকাৰ অনুদান ভাৰ্চুৱেলী বিতৰণ কৰে।

মন্ত্ৰীগৰাকীয়ে জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা বিতৰণ কৰাৰ লগতে জিলা প্ৰশাসনে প্ৰকাশ কৰি উলিওৱা দুখনকৈ পুস্তিকাও উন্মোচন কৰে।গোৱালপাৰাক এখন স্বচ্ছ জিলা হিচাপে গঢ়ি তুলিবৰ বাবে জিলাবাসীক আজিৰ দিনটোতে সংকল্পবদ্ধ হোৱাৰ বাবে তেওঁ আহ্বান জনায়।ইয়াৰ লগতে জিলাখনত ব্যাপকভাৱে উৎপাদিত তথা গোৱালপাৰা জিলাৰ এখন জিলা, এক উৎপাদন” হিচাপে স্বীকৃত কলখেতিত আত্মনিয়োগ কৰিবলৈ যুৱ-প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। জিলাখনৰ চন পৰা পতিত মাটিত কলখেতিৰ বাবে আগবাঢ়ি আহিলে ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰাও প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাৰ উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী, ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি দীপক নাথ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সঞ্চালক ড° প্ৰকাশ কাশ্যপ, MC ৰ সঞ্চালক ৰহিম জিব্ৰানৰ লগতে জিলাখনৰ বহুসংখ্যক বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

আনহাতে জিলা দিৱসৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে আজি গোৱালপাৰা চহৰত এটি অত্যাধুনিক ক্লক টাৱাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গোৱালপাৰা পৌৰসভাৰ ১৮ নং ৱাৰ্ডত এটা ৭ কে এল ডি ক্ষমতাসম্পন্ন মল-মূত্ৰ শোধন প্ৰকল্পৰো শুভ উদ্বোধন কৰে।

নিজৰ ভাষণত তেওঁ গোৱালপাৰা চহৰখন স্বচ্ছ কৰি ৰখাত এই প্ৰকল্পটোৱে বিশেষভাৱে সহায় আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। প্ৰকল্পটো যদি অতি কমেও অনাগত এবছৰৰ বাবে যদি সঠিক ৰূপত পৰিচালিত হয়, তেতিয়া পৌৰসভাখনলৈ এক কোটি টকাৰ অতিৰিক্ত পুৰস্কাৰ দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে। তেওঁ কয় যে সমগ্ৰ ৰাজ্যখনকে স্বচ্ছতাৰ দিশত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। ইয়াৰে অংশ স্বৰূপে ৰাজ্যৰ জিলাসমূহৰ মাজত স্বচ্ছতাৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাৰ ১ম পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰা ১০০ কোটি টকাৰ ধনৰাশি লাভ কৰাৰ উদেশ্যে, জিলাখনত স্বচ্ছতা অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে সংকল্প গ্ৰহন কৰিবলৈ আজি গোৱালপাৰা দিৱসৰ দিনাই জিলাখনৰ দুয়োখন পৌৰসভাৰ লগতে জিলাবাসী ৰাইজলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক,গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গোৱালপাৰা জিলাৰ উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী প্ৰমুখ্যে আন গণ্য-মান্য ব্যক্তিসকলো উপস্থিত থাকে।

আনহাতে মন্ত্ৰী সিংহলে আজি সন্ধিয়া গোৱালপাৰা জিলাৰ লক্ষীপুৰত উপস্থিত হৈ অঞ্চলটোত বিগত কিছু দিনত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰো বুজ লয়। এই সন্দৰ্ভত সমস্যা সমাধানৰ পথ অন্বেষণৰ বাবে তেওঁ স্থানীয় বনাঞ্চলিক বিষয়াগৰাকীৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ সৈতে এক আলোচনাতো মিলিত হয়।দিনজোৰা গোৱালপাৰা জিলা ভ্ৰমণ সামৰি গুৱাহাটীলৈ উভতি যোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে লক্ষীপুৰ পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ পৌৰসভাৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।

Leave A Reply

Your email address will not be published.