গণেশগুৰিত পূৰ্ণ গতিত চলিছে হনুমান মন্দিৰৰ নিৰ্মাণ কাৰ্য্য, ২৮ নবেম্বৰত হ’ব উদ্ধোধন ,দান – বৰঙণিৰ আহ্বান

0 255

গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো তিনি দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ’ব। অহা ২৩ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ চলিব লগা পূজা অৰ্চনাত ভাগ ল’ব চুবুৰীয়া দেশ নেপাল আৰু ৰাজস্থানৰ প্ৰায় দহ জনতকৈ অধিক পুৰোহিতে।

তদুপৰি প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাম দলৰ নাম প্ৰসংগ অনুষ্ঠিত হ’ব।মন্দিৰ সমিতিৰ বিষয়ববীয়া ৰঞ্জিত বৰ্মন আৰু অমিত গোয়েলে এই কথা সদৰি কৰে।আনহাতে হনুমান মন্দিৰৰ নিৰ্মাণ কাৰ্যত কোনো ভক্ত বা সদাশয় ব্যক্তিয়ে দান – বৰঙণি আগবঢ়াব বিচাৰিলে অমিত গোয়েলৰ 8638562489 অথবা ৰঞ্জিত বৰ্মনৰ 8638001448 এই নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.