মহানগৰীৰ পাৰ্শ্ববৰ্তী পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা। একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি পাইছে। ইফালে আজি ২০২৪-২৫ বৰ্ষৰ পৰ্যটন বৰ্ষৰ সামৰণিও পৰিছে । বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ হৈছিল পৰ্যটক বর্ষ । বিগত ২০২৩-২৪ বৰ্ষতকৈ আজি সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই জানিবলৈ দিয়া এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ জন পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে। ইয়াৰ ভিতৰত ৩৩,৯৪০ জন ভাৰতীয় আৰু ৬৩৭ জন বিদেশী পৰ্যটক আছিল । ইয়াৰ বিপৰীতে পৰ্যটক আৰু দর্শনাথীৰ পৰা সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬১,৪৬,৪৭৫ টকা। ইয়াৰ আগতে ২০২৩-২৪ পর্যটন বৰ্ষত পবিতৰা দৰ্শন কৰা পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৩০,৩০৫ জন। ইয়াৰ ভিতৰত ২৯,৮১৫ জন ভাৰতীয় আৰু ৬.৪১ জন বিদেশী আছিল । সেই পৰ্যটন বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৪,১৭,৩০০ টকা। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা গঁড়, ১০০ ৰো অধিক ম’হ , বিভিন্ন প্ৰজাতিৰ হৰিণা, সৰীসৃপ জাতীয় প্ৰাণী আৰু দেশী – বিদেশী বিভিন্ন প্ৰজাতিৰ প্ৰায় ১১ হাজাৰ পক্ষী তথা চৰাই আছে। ইয়াৰে ৮০ শতাংশ চৰাই পৰিভ্ৰমী আৰু বাকীখিনী স্থানীয় প্ৰজাতিৰ হোৱাৰ লগতে সেই চৰাইখিনীৰ বেছিভাগেই পানীত থকা মাছকে ধৰি জলজ প্ৰাণী , উদ্ভিদ খাই জীয়াই থকা চৰাই। আনহাতে পৰ্যটকৰ হাতী চাফাৰীৰ বাবে ১৪ টা হাতী আৰু জীপ চাফাৰীৰ বাবে ২০ খন জীপৰ ব্যৱস্থা আছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন