দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো কালি ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে ৰাতিপুৱা ৭.৩০বজাৰ লগে লগে পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত এক গাম্ভীৰ্য পূর্ণ পৰিৱেশত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তামচিন আফটাব, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) ৰাজীৱ কুমাৰ পেগু, যান-বাহন পৰিদৰ্শকসকলকে ধৰি কাৰ্যালয়ৰ আটাইকেইটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত গৌতম দাসে সমগ্ৰ ৰাজ্যবাসীৰ লগতে পৰিবহণ খণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকলৈ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। স্বাধীন ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এখন আগশাৰীৰ ৰাজ্য অসমৰ প্ৰতিগৰাকী লোকে যাতে নিজকে একোএকোজন সজাগ, দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰিব পাৰে তাৰবাবে প্ৰতিগৰাকী লোককে নিজৰ সেৱা-কৰ্মৰে অকুণ্ঠচিত্তে নিয়োজিত হোৱাৰ আহ্বান জনায় ৷ বিশেষকৈ পৰিবহণ খণ্ডৰ লগত জড়িত তথা যানবাহন ব্যৱহাৰকাৰী সকলক সকলো সময়তে সঠিক নথিপত্ৰ লগত ৰাখি নিজৰ লগতে আনৰ সুৰক্ষা নিশ্চিত কৰিহে বাহন চলাবলৈ আহ্বান জনায়। প্ৰয়োজন সাপেক্ষে বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখিব পৰাকৈ যানবাহনৰ কৰ-কাটলসমূহ সঠিক সময়ত আদায় দি নিজকে একোগৰাকী সজাগ-সচেতন তথা দায়বদ্ধ নাগৰিকৰ পৰিচয় দিবলৈ আহ্বান জনায়।ইফালে দেশৰ গৌৰৱোজ্বল স্বাধীনতা প্ৰাপ্তিত দেশবাসীৰ মহান ত্যাগ, অৱদানক স্মৰণ কৰাৰ লক্ষ্যৰে স্বাধীনতা সংগ্ৰামী, মুক্তিযুজাৰু পৰিয়ালৰ সদস্য, সেনা-আৰক্ষী, সাংবাদিক, সাংস্কৃতিক কৰ্মী, গৃহৰক্ষী বাহিনীৰ জোৱান, চাফাই কৰ্মী আদি সমাজৰ অগ্ৰণী লোকসকলৰ যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আগষ্ট মাহটো বিশেষভাৱে “সম্পূৰ্ণ নাগৰিকৰ সেৱা মাহ” হিচাপে উদযাপন কৰাৰ কথা উল্লেখ কৰি আগষ্ট মাহৰ যোৱা সময়চোৱাত ভালেসংখ্যক লোকৰ যানবাহনৰ নথিপত্ৰ বিষয়ক যিকোনো সমস্যাৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ কথা উল্লেখ কৰে। চলিত আগষ্ট মাহৰ প্ৰতিটো দিনতে এই সেৱা অব্যাহত থাকিব বুলি উল্লেখ কৰি “সম্পূৰ্ণ নাগৰিকৰ সেৱা মাহ”ৰ কাৰ্যসূচীলৈ স্বতঃস্ফূৰ্ত সহযোগিতা আগবঢ়াই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীলৈ সবিনয়ে আহ্বান জনায় পৰিবহণ উচ্চপদস্থ বিষয়াগৰাকীয়ে বক্তব্য আগবঢ়ায়। উল্লেখ যে, পূৰ্বৰ দৰেই এইবাৰো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰা হয়।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা