বাৰে ৰহণীয়া কাৰ্যসূচীৰে আই এ এছ এছ টিৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 36

গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিৰ ৪৮ সংখ্যক আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা প্ৰতিষ্ঠানখনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে প্ৰেক্ষাগৃহত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে ভাষণ প্ৰসংগত প্ৰতিষ্ঠানখনৰ বিকাশ আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আই এ এছ এছ টি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই আগবঢ়াই অহা নিৰন্তৰ সহযোগিতা, নিষ্ঠা আৰু অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছচি), বাংগালুৰুৰ বিশিষ্ট বিজ্ঞানী অধ্যাপক ৰাঘৱন বৰদৰাজন আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠান (আই আই এ পি), বাংগালুৰুৰ সঞ্চালক অধ্যাপিকা অন্নপূৰ্ণী সুব্ৰমণিয়মে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নোবেল বঁটা বিজয়ী বিজ্ঞানী ডঃ ড’ৰথী ক্ৰ’ফুট হজকিন আৰু বিশিষ্ট ভাৰতীয় পদাৰ্থবিজ্ঞানী ডঃ চি. ভি. ৰমণৰ নামেৰে নামকৰণ কৰা দুটা জনপ্ৰিয় বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত আই এ এছ এছ টি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয। অনুষ্ঠানত বিগত এবছৰৰ ভিতৰত আই এ এছ এছ টিৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰা গৱেষকসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰি ২০২৬ বৰ্ষৰ তিনিগৰাকী শ্ৰেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰীকো পুৰস্কৃত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিয়লি বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ গৱেষক – গৱেষিকা আৰু কৰ্মচাৰীসকলে নৃত্য, গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.