মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১১খন জিলাত ড্ৰাই ডে ঘোষণা

0 38

মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ আবকাৰী বিভাগে সংশ্লিষ্ট ১১খন জিলাত ড্ৰাই ডে ঘোষণা কৰিছে।
এই সন্দৰ্ভত অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত আৰু সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫(গ) ধাৰা আৰু অসম আবকাৰী বিধি, ২০১৬ৰ ৩২৬(ক) বিধিৰ অধীনত নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বৰ পৰা অৰ্থাৎ ৩০ নৱেম্বৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে মদ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, বিতৰণ তথা সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
এই নিৰ্দেশনা অনুসৰি, ৩০ নৱেম্বৰ অৰ্থাৎ ভোটগ্ৰহণৰ দিনা, ১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’লে সেই দিনটোত আৰু ৩ ডিচেম্বৰত ভোটগণনাৰ দিনাও ড্ৰাই ডে পালন কৰা হ’ব। ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব। বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এই নিৰ্দেশনা কাৰ্যকৰী হ’ব। উক্ত সময়ছোৱাত সকলো পাইকাৰী সুৰাৰ গুদাম, ভাৰতত প্ৰস্তুত বিদেশী সুৰাৰ খুচুৰা ‘অফ’ আৰু ‘অন’ বিপণী, ক্লাব, হোটেলৰ ‘অন’ বিপণী তথা দেশীয় সুৰাৰ বিপণী বন্ধ থাকিব। লগতে কোনো ব্যক্তি বা ব্যক্তিৰ গোটে নিচাজাতীয় সামগ্ৰী নিজৰ জিম্মাত ৰখা, সুৰা বিক্ৰী কৰা, বিতৰণ কৰা বা যোগান ধৰিব নোৱাৰিব। হোটেল, ভোজনালয়, সুৰাৰ বিপণী, অন্যান্য ৰাজহুৱা অথবা ব্যক্তিগত স্থানতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।
নিৰ্দেশনাত লগতে উল্লেখ কৰা হৈছে যে উক্ত সময়ছোৱাত ব্যক্তিগতভাৱে সুৰা মজুত ৰখাৰ ক্ষেত্ৰতো কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হ’ব। অনুজ্ঞাপত্ৰবিহীন স্থানত সুৰা মজুত ৰখাৰ বিৰুদ্ধে আবকাৰী আইন আৰু বিধি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই নিৰ্দেশনা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে অসম আবকাৰী আইন আৰু বিধি তথা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫(গ) ধাৰাৰ অধীনত প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.