দুভৰিৰ যাদুৰে অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিমা দাসে উজলাই তুলিছিল।ইণ্ডোনেছিয়াৰ জাকাৰ্টত স্বৰ্ণ জয় কৰাৰ পিছৰে পৰা হিমা দাসৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছিল।অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বেণ্ড এম্বেছাদৰ,অৰ্জুন সন্মান ,য়ংগ ইণ্ডিয়ান অৱ দ্য য়েৰ সন্মান লাভ কৰাৰ পিছৰে পৰা হিমা যেন ব্যস্ত হৈ পৰিছে নিজৰ পৃথিৱীত!ইফালে ৰাষ্ট্ৰীয় এথলেটিকছৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষকে হিমা বাবে অপেক্ষা কৰি আছে যদিও হিমাই এই পৰ্যন্ত শিবিৰত যোগদান কৰা নাই।ইয়াকেলৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।একাংশ হিমাৰ অনুৰাগীয়ে লিখিছে -হিমা,আমি তোমাৰ পৰা বহুত আশা কৰো।নিজৰ কৰ্মত মনোনিৱেশ কৰা।আনহাতে এজন বিজ্ঞ ব্যক্তিয়ে এনেদৰে লিখিছে- হিমাক যদি ভালপায়,আগুৱাই যোৱাটো বিচাৰে,সম্বৰ্দ্ধনা বাতিল কৰক।ইতিমধ্যে হিমা ১৮ অক্টোবৰত প্ৰশিক্ষণ শিবিৰলৈ ৰাওনা হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।মন কৰিবলগীয়া যে ইতিপূৰ্বে এ এফ আই এ কৰ্তৃপক্ষই সকলো খেলুৱৈ ১০ অক্টোবৰত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত