২৬জানুৱাৰীত মুক্তি লাভ কৰা ঝান্সীৰ ৰাণী লক্ষ্মীবাই ওপৰত নিৰ্মাণ কৰা চিনেমা মণিকৰ্ণিকাত শব্দ সংযোজনৰ লগত জড়িত আছে অসমীয়া এজন চাউণ্ড ডিজাইনাৰ।নাহৰকটীয়াৰ কিংচুক মৰাণ নামৰ যুৱকজনে শব্দ ব্যৱস্থাপনাৰ লগত জড়িত হৈ আছে ।এই সম্পৰ্কে কিংচুক মৰাণে কয় যে সহ শব্দযন্ত্ৰী হিচাপে কাম কৰি যথেষ্ট আনন্দিত হৈছো।১৮৫৭ চনত ঝাঞ্চীৰাণীয়ে বৃট্ৰিছৰ শাসকৰ কবলত নপৰিবৰ বাবে কৰা ৰণ কৌশল তথা ১৮৫৭চনৰ চিপাহী বিদ্ৰোহৰ কিছু অংশ চিনেমাখনত সংযোজিত কৰা হৈছে ।উল্লেখযোগ্য যে কিংচুক মৰাণে এতিয়ালৈকে ৪০খন চিনেমাত কাম কৰিছে ।হিন্দীৰ লগতে উৰিয়া, পাঞ্জাবী, মাৰাঠী ছবিত কাম কৰাৰ অভিজ্ঞতা আছে।শেহতীয়া মুক্তি লাভ কৰা উৰিত শব্দযন্ত্ৰী হিচাপে কাম কৰিছিল ।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন