মানৱ জাতিৰ কল্যাণাৰ্থে দক্ষিণ কামৰূপৰ ৰামপুৰত চলি থকা অষ্টম বাৰ্ষিক শ্ৰীশ্ৰীবিষ্ঞু যজ্ঞ ভূমিত ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰত শ্বহীদ হোৱা জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জম্মু-কাশ্মীৰ পুলৱামত সন্ত্ৰাসবাদীৰ হাতত মৃত্যুবৰণ কৰা ৪৪ গৰাকী শ্বহীদৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ সকলৰ স্মৃতিত সমবেত ধৰ্মপ্ৰাণ ৰাইজে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত যজ্ঞ উদযাপনৰ লগত সংগতি ৰাখি অমিয় কুমাৰ কলিতা আৰু ৰঞ্জন গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ফণীন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড০ ঠাকুৰীয়াই দক্ষিণ কামৰূপৰ শ্ৰীশ্ৰীমহাবিষ্ঞু যজ্ঞৰ স্মৃতিগ্ৰন্থখন এখন তত্বগধুৰ আৰু ঐতিহাসিক দলিল সদৃশ হোৱা বুলি মন্তব্য কৰে। যজ্ঞ উদযাপন সমিতিৰ এজন সাধাৰণ সম্পাদক তথা স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ উপদেষ্টা বিমল শৰ্মাই আঁতধৰা সভাখনত উদযাপন সমিতিৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে প্ৰভাস চন্দ্ৰ চৌধুৰী আৰু ৰমেশ চন্দ্ৰ শৰ্মায়ো চমুকৈ বক্তব্য প্ৰদান কৰে। সভাৰ সভাপতি ড০ গজেন্দ্ৰ অধিকাৰীয়ে বৈদিক যুগৰপৰা সনাতনীয় সমাজ নিৰ্মাণ আৰু উপনিষদ পুৰাণ যুগৰ পৰা বিষ্ণু দেৱতাই ক্ৰমান্বয়ে লোৱা শ্ৰেষ্ঠত্বৰ আসন সম্পৰ্কত এক নাতিদীৰ্ঘ আৰু তাত্বিক বক্তব্য আগবঢ়ায়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰসেনজিৎ কলিতাই। ইয়াৰ পূৰ্বে উক্ত দিনাখনে পুৱা ১০ বজাত যজ্ঞৰ এক বিশেষ অংগ তথা আকৰ্ষণ জলযাত্ৰা অৰ্থাৎ পানী তোলাৰ উদ্দেশ্যে যজ্ঞ ভূমি ৰামপুৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰৰে কুকুৰমাৰাৰ কলহী নৈলৈকে উলিওৱা ধৰ্মীয় শোভাযাত্ৰা শুভ্ৰ পতাকা উত্তোলন কৰি উদ্বোধন কৰে স্থানীয় বিধায়ক প্ৰণৱ কলিতাই। হস্তী সন্মুখত লৈ গজেন্দ্ৰ গমন কৰি উলিওৱা এই শোভাযাত্ৰাত কুমাৰী ছোৱালী, মহিলা, আই মাতৃ বেণ্ড ঢূলিয়া, ওজাপালি সমন্বিত অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ পিছত যথাবিহীত পূজা অৰ্চনা, আহুতি, চৌতালি নাম , নাগাৰা নাম ,যাত্ৰাভিনয় আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ