কৰ্মসংস্থাপন বিচাৰি থকা জনক কৰ্ম সংস্থাপন দিব পৰাকৈ গঢ়ি তোলাৰ উদ্দেশ্যে ইণ্ডিয়া ইন’ভেচন গ্ৰ’থ প্ৰগ্ৰেম আয়োজন কৰা হৈছে।উদ্ভাৱন মূলক ধাৰণাৰ লগত জড়িত থকা উদ্যমীসকলে এই অনুষ্ঠানৰ জৰিয়তে এখন মঞ্চ পাব।এই মন্তব্য ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্ভাৱন, উদ্যোগশীলতাৰ পৰামৰ্শদাতা ডক্টৰ অমিতা গুপ্তাৰ।আজি তাজ ভিভাণ্টাত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে।উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত ফিকিয়ে আয়োজন কৰা এই আই আই জি পি অনুষ্ঠানত দেশৰ বহুকেইটা আগশাৰীৰ প্ৰতিষ্ঠানৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে আই আই জি পিয়ে সামাজিক আৰু উদ্যোগিক উদ্ভাৱন ক্ষেত্ৰত মিলিয়ন ইউ এছ ডলাৰ বিনিয়োগ কৰিব বুলি জানিব পৰা গৈছে ।অনুষ্ঠানত উপস্থিত থাকি টাটা ট্ৰাষ্টৰ উদ্ভাৱন বিভাগৰ মুৰব্বী মনোজ কুমাৰে কয় যে এই প্ৰয়াসে উদ্যোগীসকলক উচ্চ প্ৰভাৱদায়ক সমাধানলৈ ৰুপান্তৰিত কৰিব।স্মতব্য যে আই আই জি পিয়ে উদ্ভাৱনী ধাৰণাৰ লগত জৰিত ছাত্ৰক ১০ লাখ টকা আৰু ষ্টাৰ্ট আপক ২৫ লাখ টকা পৰ্য্যন্ত বিনিয়োগ কৰিব।অনুষ্ঠানত লকহীড মাৰ্টিন ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী ফিল শ্বও,ফিকিৰ উত্তৰ পূবৰ সঞ্চালক বিশ্বজিৎ চক্ৰৱৰ্তী,ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদ্ভাৱনৰ লগত জৰিত উদ্যমীসকল আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা যোৱা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা