অনুভৱ

জীৱন মানেই সংগ্ৰাম। জীৱনটো খুবেই অনুপম। জীৱনৰ কণ্টকময় বাটত আমি প্ৰত্যকজনেই ক’ৰবাত নহয় ক’ৰবাত উজুটি খাও। তেতিয়া আমাৰ মন হতাশাই আৱৰি ধৰে। বহু সময়ত আৱেগৰ বশৱৰ্তী হৈ আত্মহত্যাৰদৰে চৰম সিদ্ধান্ত লোৱা দেখা যায়। কিন্তু আত্মহত্যাই সকলো সমস্যাৰ উপশম ঘটায় নে ? জীৱন যুঁজত হাৰ মানি চৰম সিদ্ধান্ত গ্ৰহণ কৰাজন যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰা এজন সৈনিকৰ সমান। মানুহৰ জীৱনত সুখ-দুখ, হাঁহি-কান্দোন, আশা-নিৰাশা, পোৱা-নোপোৱা চিৰদিন আছে আৰু থাকিবই। যিদৰে আন্ধাৰ অবিহনে পোহৰৰ অস্তিত্ব ধৰিব নোৱাৰি ঠিক সেইদৰে দুখৰ অবিহনে সুখৰ মাদকতা জানো অনুভৱ কৰিব পাৰি ? সেয়েহে আমি প্ৰত্যেকেই আশা, সপোন, উচ্চাকাংক্ষাক লৈ জীয়াই থাকিব লাগে। এইখিনিতে হিন্দী কাব্য জগতৰ বিখ্যাত আশাবাদী কবি সুভদ্ৰা কুমাৰী চৌহানৰ কথা মনলৈ আহিছে। তেখেতৰ প্ৰতিটো কবিতাত ক’ৰবাত নহয় ক’ৰবাত আশাৰ কিৰণ জক্‌মকাই উঠিছিল, যিয়ে উঠি অহা প্ৰজন্মক জীৱন যুঁজত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল। মহান ব্যক্তিসকলৰ জীৱন কাহিনী যদি চকু ফুৰাও প্ৰত্যেকৰে জীৱন সংগ্ৰামৰ কাহিনী দেখা যাব। সময়ৰ খোজত খোজ মিলাই ধৈৰ্য্য, একাগ্ৰতা, সাহসেৰে আগবাঢ়িলে জীৱন যুঁজত জয়ী হোৱা সম্ভৱ। আহক আমি জীৱনটো উপভোগ কৰো।
Comments (5)
Add Comment
  • Pranab Saikia

    Good work.

  • Pranab Saikia

    Good work.
    Pranab Saikia

  • Bhagirath

    Very nice

  • Er Monn Margherita

    Much needed website for NE regions of India…i.e. Also in Assamese…..impressed….good wishes for the new website and Best of Luck for future.
    #ErMonnMargherita

  • Gogoi Sandeep

    Good work ……..