ক’ৰণা ভাইৰাছ, ভৱিষ্যতবাণী ইত্যাদি প্ৰসংগৰে..

ক’ৰণা ভাইৰাছ কি?ইয়াৰ লক্ষণ সমূহ কেনেকুৱা? ই কেনেদৰে এখন দেশৰ পিছত আন এখন দেশত সংহাৰ ৰূপ ধাৰণ কৰিছে।এই সকলোবোৰেই আপুনি  কম বেছি পৰিমাণে জ্ঞাত।
 
 
ক’ৰণা ভাইৰাছক প্ৰতিহত কৰিবলৈ বিশ্ববাসীয়ে সজাগ সচেতনতা অৱলম্বন কৰিছে।এই ক্ষেত্ৰত চীন আৰু ইটালী ভোৱ চহৰ ক’ৰণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে বুলি শেহতীয়া তথ্য লাভ কৰা গৈছে।
 
 
বিজ্ঞানে বিশ্বত জয়যাত্ৰা অব্যাহত ৰখাৰ সমান্তৰালভাৱে ক’ৰণা ভাইৰাছকলৈ চ’চিয়েল মেডিয়াত চৰ্চা অব্যাহত আছে । প্ৰায় ৫৫০ বছৰৰ আগতেই ফ্ৰান্সৰ বিখ্যাত চিকিৎসক, জ্যোতিবিদ মিচেল দ্যা নষ্ট্ৰাদামাছে চীনত সৃষ্ট এবিধ ভাইৰাছৰ বিষয়ে বিখ্যাত চেঞ্চুৰিছৰ ষষ্ঠ শতকৰ পঞ্চম চতুষ্পদীত ভৱিষ্যতবাণী কৰিছিল ।
 
তেখেতৰ ভৱিষ্যতবাণী অনুসৰি চীনৰ পৰা আৰম্ভ হ’ব এই মহামাৰী।আৰু পৰৱৰ্তী সময়ত আমেৰিকা, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ এই ভাইৰাছ সংক্ৰমিত হ’ব।য’ত শাসককেও অসহায় হৈ পৰিব।এটা কৃত্ৰিম উপগ্ৰহৰ পৰা চীনে এই ভাইৰাছ এৰিব, প্লেগ সদৃশ মহামাৰীয়ে ৰূপ ল’ব।পিছত চীনে উদ্ধাৰ পাব, অন্য দেশতেহে আতংকময় পৰিস্থিতিৰ সৃষ্টি হ’ব।অৱশ্যে এই ভাইৰাছ চীনে সৃষ্টি কৰা নে স্বয়ংক্ৰিয় ভাৱে হোৱা এতিয়ালৈকে নিশ্চিত হ’ব পৰা নাই।কিন্তু এটা কথা স্পষ্ট যে এই ভাইৰাছ বিধৰ উৎপত্তি স্থল আছিল চীনৰ বুহান চহৰ।
 
 
উল্লেখযোগ্য যে নষ্ট্ৰাদামাছে কৰা অধিকাংশ ভৱিষ্যত বাণী বাস্তৱায়িত হৈছে।তেখেতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভৱিষ্যত বক্তা বুলি জনা যায় ।
 
আনহাতে ১৯৮১চনতে লেখক Dean Koontz লিখা এখন উপন্যাসত ক’ৰণাৰ সম্পৰ্কে বৰ্ণোৱা হৈছে।কিতাপ খনত বৰ্ণনা কৰা অনুসৰি ক’ৰণা ভাইৰাছ বুহান এলেকাৰ জৈৱিক গৱেষণাগাৰত সংৰক্ষণ কৰা হৈছে ।যদি এই উপন্যাসত বৰ্ণোৱা দৰে যদি ক’ৰণা ভাইৰাছ চীনৰ সৃষ্টি হয়, তেনেহ’লে ই ৰঙা চীনৰ এক জৈৱিক অস্ত্ৰ বুলি বিবেচনা কৰিব পাৰি।
 
 
অসমীয়াত এষাৰ কথা লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি।চীনৰ ক্ষেত্ৰতেও ঠিক তেনেকুৱাই হৈছে।বৰ্তমানে চীনে ক’ৰণাক প্ৰতিহত কৰিব পাৰিছো বুলি প্ৰতিনয় নিয়াব বিচাৰিছে যদিও সমগ্ৰ বিশ্ববাসীৰ ৰোষত পৰিছে।
 
 
চীনত ক’ৰণা ভাইৰাছৰ সমান্তৰালভাৱে চৰ্চিত হৈছে  চীনৰ অদ্ভুত খাদ্যাভাস।বহুতেই ক’ব খোজে চীনৰ বুহানৰ চি মাৰ্কেটখনেই কাল।আনহাতে একাংশই ক’ব খোজে বিশ্বত অস্তিত্ব জাহিৰ কৰা ই এক চীনৰ জৈৱিক অস্ত্ৰ।
 
সমগ্ৰ বিশ্বত ক’ৰণা আতংকৰ তোৰপাৰ লগোৱা সময়তে চীনে ক’ৰণাৰ বাবে আমেৰিকাক দোষিছে।চীনৰ মতে ক’ৰণা ভাইৰাছ আমেৰিকাৰ সেনাই এৰিছে।ই যিয়েই নহওঁক কিয় মানৱ জাতিক শংকিত কৰি তুলিছে।এতিয়া বিশ্বত চিকিৎসা বিজ্ঞানী সকলে ক’ৰণা প্ৰতিৰোধী ঔষধ নিৰ্মাণত অৰ্হনিশে ব্যস্ত পৰিছে।আশা কৰা হৈছে অচিৰেই মৃত্যুমুখী ভাইৰাছ বিধ প্ৰতিৰোধ কৰা ঔষধ প্ৰস্তুত হ’ব।
ক’ৰণাৰ বাবে সময় থাকোতেই সজাগ হওক, নিজৰ লগতে আনকো সুৰক্ষিত কৰক।
সংগীতা শইকীয়া ।সম্পাদক

Comments (1)
Add Comment
  • দীপিকা বৰা

    কথা খিনি বাতৰি যোগে প্ৰচাৰ কৰি আছে। গম পাই ভাল লাগিল। আৰু নতুন নতুন তথ্যৰ বাবে আমি জানিবলৈ আগ্ৰহী হৈ আছো।