এজন ৫৬ বছৰীয়া ব্যক্তি.. যি ৯ বছৰে চাইকেলেৰে পৰিভ্ৰমণ কৰিছে বিশ্ব

আজিৰে পৰা দুদিনমান আগৰ কথা। ধুবুৰী চহৰৰ তেতিয়া টেগ বাহাদুৰ শিখ গুৰুজনাৰ জন্মজয়ন্তীক লৈ উখল মাখল পৰিবেশ। সেই পৰিবেশত আহি উপস্থিত হৈছিল এজন বিশেষ ব্যক্তি। ব্যক্তিজনে ২৫ খন দেশ চাইকেলৰে পৰিভ্ৰমণ কৰি দেশে দেশে বিলাই ফুৰিছে সজাগতাৰ বাণী। ব্যক্তিজনক দেখা পাই ধুবুৰীৰ সাংবাদিকে যোগাযোগ কৰাত জানিব পৰা গ’ল যে তেখেতে অমনদ্বীপ সিং খালচা আৰু নিচা মুক্তিৰ বাবে আজি ৯ বছৰে ২৫ খনৰো অধিক দেশ ভ্ৰমি ফুৰিছে। গ্ৰহণ কৰিছে বহুকেইটা অনুষ্ঠানত সজাগতা মূলক কাৰ্য্যসূচী। খবৰটো শুনি আমি ৰৈ নাথাকি প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ বাবে আগ্ৰহী হৈ উঠিলো। প্ৰিয় পাঠক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সদায়ে আমি সচেষ্ট। বিশেষকৈ ইতিবাচক খবৰক প্ৰাধন্য দি পঢ়ুৱৈসকলৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰো। ইয়াৰে প্ৰয়াস হিচাপে এই খবৰটো আগবঢ়ালো।

আহকচোন, পলম নকৰি খবৰৰ ভিতৰ ভাগলৈ যাওঁ। মানুহজনৰ বোলে মোমাইয়েক নিচাত আসক্ত থকাৰ বাবে অকালতে বেমাৰ হৈ ঢুকাল। এই দুখে তেখেতক ব্যথিত কৰি তুলিছিল। তেখেতে পণ কৰিছিল সমগ্ৰ দেশত ঘুৰি নিচা আসক্তিৰ ভয়াবহতাৰ বিষয়ে প্ৰচাৰ কৰিব! এইবাবেই ২০০৮ চনৰ ১ জানুৱাৰীত চাইকেলখন লৈ গৃহজিলা বাংগালোৰৰ পৰা ওলাই আহিছিল। ভাৰতৰ ভিতৰত ২৫ খন দেশ ভ্ৰমণ কৰি বিভিন্ন শিক্ষানুষ্ঠানত গৈ বিলাই ফুৰিছে নিচা আসক্তিৰ ভয়াবহতা। উল্লেখ্যযোগ্য যে অমনদ্বীপ সিং খালচাই জনোৱামতে এতিয়ালৈকে তেখেতে ২ লাখ ১২ হাজাৰ কি:মি: পথ অতিক্ৰম কৰিছে। যাৰ বাবে গিনিজ বুকে তেখেতক স্বীকৃতি প্ৰদান কৰিছে। স্মৰ্তব্য যে ৫৬ বছৰীয়া অমনদ্বীপ সিং খালচাৰ এই যাত্ৰা ২০১৮ চনত সমাপ্ত হ’ব। শিক্ষকতা বৃত্তি পৰিহাৰ কৰি  এনেদৰে সমাজলৈ সেৱা আগবঢ়োৱাৰ বাবে সকলোৱে শলাগ লৈছে।

Comments (0)
Add Comment