কেইবিধ মান ৰান্ধন প্ৰণালী

কেইবিধ মান ৰান্ধন প্ৰণালী

আমাৰ এনে কিছুমান খাদ্য আছে। যিবোৰৰ নাম শুনিলেই খাব মন নকৰা মানুহ হয়তো খুব কমেহে ওলাব। এনে কিছুমান খাদ্য সম্ভাৰৰ ৰেচিপি আজি NE Focus ত প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

কোমোৰা বিলাহীৰে মাছৰ টেঙা

received_1284776791590100

গৰম বা ঠাণ্ডা দিন হওক  দুপৰীয়াৰ সাজত অলপ টেঙা খোৱাতো ভাল । অসমীয়া মানুহৰ আটাইতকৈ ভাল লগা খাদ্য টেঙা ।

কোমোৰা খিনি টুকুৰাকৈ কাটি বিলাহী তিনিটাৰে সৈতে মিক্সীত পিছি ল’ব ।  কেৰাহীত তেল গৰম কৰি দুফোটামান নহৰু আৰু এচামোচ সৰিয়হ ফুটাই লৈ কোমোৰা বিলাহীৰ পেষ্টখিনি আৰু হালধী নিমখ জলকীয়া দি অলপ দেৰি উতলিব দিব। তাৰপিছত দুই তিনিকাপ পানী দি উতলিব দিব । উতল আহিলে ভজা মাছ দি ভালকৈ উতলাই ওপৰত ধনীয়া পাত চতিয়াই নমাই থব ।

ৰৈ যোৱা ভাতেৰে বনোৱা খীৰ ( leftover rice kheer )

সামগ্ৰী :

ৰৈ যোৱা বা নতুনকৈ সিজাই লোৱা ভাত এবাটি

পাউদাৰ গাখীৰ 250 gm

মিল্কমেদ আধা টিন

আমুল টাজা একাপ

ঘি দুচামোচ

চেনি একাপ ( বা সোৱাদ অনুসৰি )

ইলাচি আৰু অন্য দ্ৰাই ফ্ৰুট

received_1284774998256946

প্ৰণালী : প্ৰথমে ভাতখিনি মিক্সীত দি পেষ্ট বনাই লব । এটা চ’চপেনত ঘিখিনি গৰম কৰি তাতে ভাতখিনি দি অলপ দেৰি লৰাই গুলি লোৱা পাউদাৰ গাখীৰখিনি দিব আৰু লগতে চেনি কাপ আৰু ইলাচি দি ঘোটনিৰে ভালকৈ ঘুটি দিব । জুইখিনি কমাই থব আৰু লাহে লাহে উতলিব দিব । অলপ উতলিলে মিল্কমেদ খিনি আৰু দ্ৰাই ফ্ৰুট দি উতলিব দিব ।  থুপথুপীয়া হ’লে গাখীৰ কাপ দিব অন্যথা নিদিলেও হ’ব । বেছি উতলোৱাৰ দৰকাৰ নেথাকে যিহেতু সকলো খিনি ইতিমধ্যে সিজাই আছে । নমাই সুন্দৰকৈ পৰিৱেশন কৰিলেই হ’ল ।

কৰদৈৰ অম্বল

received_1284775854923527

প্ৰথমে তেলত কালজীৰা কেইটামান ফুটাই কৰদৈখিনি হালধী নিমখ জলকীয়াগুৰি দি ভাজিব । চাৰিমিনিটমান ভজাৰ পিছত মিঠাহোৱাকৈ চেনি দি অলপ পানী দিব আৰু উতলিব দিব , যদি কৰদৈ মিঠা হয় তেতিয়া আধাকাপ ভিনেগাৰ দিব। অলপ টেঙা সোৱাদৰ বাবে কিন্তু টেঙা কৰদৈ হ’লে নিদিলেও হ’ব । উতলি থাকোতে খেজুৰ কাজু কিছমিছ আদি দিব । চেনিখিনি কৰদৈৰ লগত মিহলি হৈ ৰং সলনি হলে নমাই থ’ব । ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব ।

একেই ধৰণে আম, নাচপতি,  আপেল আদি বিভিন্ন ফলৰ বনাব পাৰে ।

সুজাতা পাঠক বৰা
Comments (2)
Add Comment
  • Manabjyoti Sharma

    Nice aru natunun kisuman diboson

  • sangeeta saikia

    nishoy ke..sahajogita aagbohuar babe dhonyabad..