গৰু বিহুৰ পৰম্পৰা..

গৰু বিহুৰ পৰম্পৰা..

IMG-20170414-WA0003

আজি গৰু বিহু । ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত গৰুক মাহ, হালধীৰে গা ধোৱাই ন পঘা পিন্ধোৱা হয়। শস্য ৰোপন কৰাৰ পৰা আৰম্ভ কৰি চপোৱা  লৈকে অসমীয়া জনজীৱনত গৰুৰ ভূমিকা অনবদ্য। সেয়েহে পৰম্পৰা বৰ্তাই আজিও গৃহস্থই গৰুক চাট মাৰি গায়…. লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি বাঢ়ি যা। মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ বৰ গৰু।

pratidin-2

গধূলি গৰুক পিঠা খুৱাই মাখিয়তী দীঘলতীৰে কোবাই যাতে কোনো বেমাৰ আজাৰে লগ নিদিয়ে। এয়া আছিল আজিৰ দিনটোৰ গৰু বিহু পৰম্পৰাৰ থুলমূল তাৎপৰ্য। ৰঙালীক আদৰাৰ আজিৰ এই বিশেষ দিনটোত সকলোকে জনাইছোঁ বিহুৰ বহু ওলগ।

Comments (0)
Add Comment