জীৱনৰ বাটে ঘাটে

বিশ্বাস কৰেনে আমি আমাৰ জীৱনটোক নিয়ন্ত্ৰণ কৰিব পাৰো ,ভবামতেই জীৱনটো উদযাপন কৰিব পাৰো। কথাষাৰক যিয়েই জীৱনৰ সত্য হিচাপে মানি লৈছে সিয়েই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।কঠোৰ পৰিশ্ৰম,ধৈৰ্য্য আৰু সহনশীলতাই ইপ্সিত লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগায়। সময়ে কাৰো বাবেই অপেক্ষা নকৰে।সেয়েহে সময়ৰ শৰ সময়ত মাৰিলেহে সকলো সম্ভৱ হৈ উঠে।সুখ দুখৰ সমষ্টিয়েই মানুহৰ জীৱন।দুখৰ দিনত সুখৰ ৰামধেনু আকি জীৱনটোক আগুৱাই নিব জনা জনেই জীৱন যুজত জয়ী হয়। খৰাংৰ পিছত বাৰিষা আহে।যিদৰে দুখৰ পিছত সুখ আহে। দৰাচলতে আমি আশাকলৈ জীয়াই থাকিব লাগে।আশাই আমাক জীয়াই থকাৰ প্ৰেৰণা যোগায় । যিয়ে জীৱনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰে।আশা আৰু বিশ্বাসেৰে জীৱনৰ পথ জিনো।আহক জীৱনক উদযাপন কৰো।


 

Comments (0)
Add Comment