দীপাৱালীৰ শুভেচ্ছাৰে

দীপাৱালীৰ শুভেচ্ছাৰে

নমস্কাৰ । কালি পূজা আৰু দীপাৱালীৰ প্ৰাক ক্ষণত আপোনালোকলৈ যাঁচিছো হিয়াভৰা অফুৰন্ত শুভেচ্ছা । দীপাৱালীৰ আলোকৰ দৰে সকলোৱে জীৱন যেন আলোকিত হৈ পৰে তাকে কামনা কৰিলো। পোহৰৰ উৎসৱৰ এই বিশেষ ক্ষণত শব্দ প্ৰদুষণে যাতে শান্তি পৰিবেশ বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বঙাইগাওঁ জিলাৰ অভায়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান শুক্লধবজৰ দ্বাৰা এক সজাগতামূলক প্ৰচাৰ কাৰ্য্যত ব্ৰতী হৈছে। আনহাতে যোৰহাট জিলাতো জ্যোতিময় ক্লাৱৰ সৌজন্যত এনে সজাগতা মূলক প্ৰচাৰ চলোৱা কাৰ্য্যই একাংশ সচেতন নাগৰিকক আনন্দিত কৰি তুলিছে। এনেধৰণৰ সুখবৰ সকলোকে আনন্দ দিয়ে। প্ৰমাণ কৰে আমাৰ মাজত আজিও মানৱীয়তা সত্বা হেৰাই যোৱা নাই। সেয়েহে এই বিশেষ ক্ষণক আপোনাক এই ভাল খবৰ জনাবলৈ পাই আমিও সুখী। পুনৰ NE Focus ফালৰ পৰা আপোনালৈ কালি পূজা আৰু দীপাৱলীৰ শুভকামনা জনালো।IMG-20161029-WA0035  IMG-20161029-WA0034

Comments (0)
Add Comment