ভক্তি, শক্তি আৰু অপশক্তিৰ সংগমৰ এটি বিশেষ দিন

শংকৰ গুৰু আমাৰেই
মাধৱ গুৰু  আমাৰেই,
লুকাই আছা দেখা নাপাওঁ 
 মণিকুটৰ ভিতৰেই।। 
শংকৰ গুৰু আমাৰেই..
হয়, এনেদৰে জাউৰিয়ে জাউৰিয়ে গায়ন বায়ন কৰি ভক্ত প্ৰাণ ৰাইজে গুৰু জনাক স্মৰণ কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা গ’ল। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ ৫৬৯ সংখ্যক জন্ম জয়ন্তী। অসমৰ বিভিন্ন সত্ৰ, নামঘৰ সমূহত গুৰুজনাৰ জন্ম জয়ন্তীৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰি আহিছে। নাম প্ৰসংগৰ উপৰিও ঠাই বিশেষে গুৰুজনাই ৰচনা কৰা নাট সমুহ প্ৰদৰ্শন কৰা হৈছে। নগাওঁৰ বটদ্ৰৱা থানটো ১৮ প্ৰসংগৰ লগতে তিনি দিনীয়া কাৰ্য্যসুচীৰে জন্ম জয়ন্তী উদযাপন কৰিছে। বিশেষকৈ সত্ৰ নগৰী মাজুলী বাঘৰগাঁৱৰ  মহিলাসকলে শংকৰদেৱে ৰচনা কৰা এখন নাটক প্ৰদৰ্শন কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মাজুলীয়েই অসমৰ একমাত্ৰ জিলা, যিখন জিলাত কেৱল গুৰু ভক্তিৰ বাহিৰে কোনো শক্তি পূজা উদযাপন নহয়। সাতামপুৰুষীয়া পৰম্পৰাৰে আজিও উদ্ভাসিত।
আনহাতে আজি বিজয়া দশমীৰ উপলক্ষে মা-দুৰ্গাক বিদায় জনোৱা হয়। এইবাৰ প্ৰতীকী ৰূপৰ অশ্বত উঠাই মা-দুৰ্গাক বিসৰ্জন দিবৰ বাবে লৈ যোৱাৰ পৰিলক্ষিত হয়। ভক্তগণৰ বিশ্বাস দুৰ্গা মা যে সমাজৰ সকলো অপশক্তি নাশ কৰি শান্তি প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ পৰাই সম্পূৰ্ণ এবছৰৰ  বাবে দু্ৰ্গা পূজাৰ ম্লান পৰি ৰ’ল।
লগতে দশমীৰ লগত সংগতি ৰাখি অপশক্তি বিনাশৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰি ঠায়ে ঠায়ে দশেৰা উৎসৱ উদযাপন কৰে। এই উৎসৱত ৰাৱণৰ প্ৰতিমূতি দাহন কৰা হয়। গোৱালপাৰা জিলাৰ ৰংজুলিত কেন্দ্ৰীয় ভাবে এই উৎসৱ আয়োজন কৰিছে। ৬০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূতি দাহন কৰা হয়। 
Comments (0)
Add Comment