১২৮ সংখ্যক জন্মদিনত স্মৰণ কৰি

আজি ৬ জুন, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১২৮ সংখ্যক জন্মদিন। তেখেতৰ ওপজা দিনটোত শ্ৰদ্ধা নিবেদন কৰি আগবঢ়াইছো, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে কিছু জানিব লগীয়া তথ্য। বহুতো সময়ত বিভিন্ন কিতাপ, কাকত অথবা চেনেলত বহু কথাই প্ৰকাশ পাই আহিছে যদিও আজি আমি তেখেতৰ বাসগৃহত উপস্থিত থাকি তেখেতৰ অষ্টম পুত্ৰ কেপ্তেইন ৰবীন বৰদলৈৰ পৰা জানিব বিচাৰিছিলো পূৰ্বে কতো প্ৰকাশ নকৰা কিছুমান কথা- তেখেতে আমাক এনেদৰে জনায়….. দেউতা খুবেই মৰমিয়াল আছিল। দুখীয়া মানুহক সহায় কৰিছিল। দেউতাই কোনো দুখীয়া মানুহক ঘৰলৈ মাতি খাবলৈ দিয়াৰ কথা মনত পৰে । আৰু এইখিনিতে মনলৈ অহা অন্যতম কথা হ’ল তেখেতে কেতিয়াও আমাক চৰকাৰী গাড়ীত উঠাই স্কুল অথবা মায়ে বজাৰ কৰিবলৈ যোৱা দেখা নাছিলো। তেখেতে সমন্বয়ে সেতু গঢ়িব বিচাৰিছিল। সেয়েহে শ্বিলংত ৰাজধানী থাকোতে Hills and Plains Week নামৰ এক অনুষ্ঠান পাতি জাতি জনজাতি সকলৰ মাজত সমন্বয় আনিছিল। সাধাৰণ মানুহৰ মাজত সাধাৰণ ভাৱে থাকি ভাল পাইছিল। সেয়েহে হয়তো মানুহক ভালপোৱা বাবে লোকপ্ৰিয় উপাধি দিছিল। বৰগীত, ৰবীন্দ্ৰ সংগীত আৰু গধুলি ঈশ্বৰ সেৱা অথবা প্ৰাৰ্থনা কৰাটো তেখেতৰ দৈনন্দিন কাৰ্য্যসুচীৰ ভিতৰত আছিল। তেখেত গান্ধীবাদী আছিল। সুভাষ চন্দ্ৰ বসু, শ্ৰী প্ৰকাশয়ে দেউতাৰ ওচৰলৈ অহাৰ কথা মনত পৰে। তেখেতৰ কথন শৈলী যথেষ্ঠ উচ্চমানদণ্ডৰ আছিল। চিকাৰ কৰিছিল, সংস্কৃতিৰ জগতৰ লগত জড়িত আছিল, নাটকত অভিনয় কৰিছিল।

এয়া আছিল কিছু লোকপ্ৰিয় নেতা জনৰ জীৱনৰ কিছু অংশ। এনে বহু জীৱনৰ অংশৰ পৰাই আমি ল’ব পাৰো জীৱনৰ আদিপাঠ। শেষত এষাৰ কবিতাৰে ক’ব বিচাৰিছো।

মহা মহা পুৰুষৰ চানেকীৰে জীৱনৰ

আমিও কৰিব পাৰো জীৱন গঢ়িত,

আভিনয় শেষ হ’লে আৰু বেলি মাৰ গ’লে

থৈ যাব পাৰোঁ খোজ

সময়ৰ বালিত।।

 
 

Comments (0)
Add Comment