বিহুৰ বিশেষ পিঠা

বিহুৰ বিশেষ পিঠা

বিহুৰ সময়। পিঠা- পানা খোৱা অথবা বনোৱা বতৰ। ইতিম ধ্যে, বিহুৰ প্ৰস্তুতি গাওঁ চহৰত  তুংগত উঠিছে। চহৰত বিশেষকৈ বিপনী বিলাকত পিঠা, জা-জলপান উপলব্ধ হোৱা দেখা গৈছে। এনে সন্ধিক্ষণতে আজি NE Focus.com ত প্ৰকাশ কৰা কৰিছো,কেইবিধমান অতি সহজতে বনাব পৰা পিঠা। আগবঢ়ালে সুজাতা পাঠক বৰাই।

জলপান খীৰত দুবুৱা মুঠি পিঠা

15995659_1409799965731256_2076891660_n

মুঠি পিঠাৰ বাবে পিঠাগুৰি, নাৰিকল আৰু এচিকুট নিমখ, কুহুমীয়া পানীৰে মঠি লৈ হাতেৰে আকাৰ দি ল’ৱ। গাখীৰ, ইলাচি, চেনি দি উতলাই ডাঠ কৰি লৈ খীৰৰ দৰে কৰি পিঠা কেইটা উতলাই  পিঠা সিজি ওপঙি উঠাত নমাই থ’ব।

 

 পিঠাগুৰীৰে নিমখীয়াকৈ ভজা পিঠা

15978139_1409799972397922_1090988670_n

পিঠাগুৰি, পিয়াজ, ৰুকি লোৱা গাজৰ, পিয়াজপাত, ধনীয়া পাত আৰু আদা সোৱাদ অনুসৰি নিমখ আৰু অকণমান খোৱা চ’দা দি কুহুমীয়া পানীৰে মঠি হাতেৰে আকাৰ দি তেলত ভাজিব।

 

ভাপত দিয়া পিঠা

IMG-20170111-WA0010

(যিটো টেকেলী মুখত দিয়া হয়) ভাপত দিবৰ বাবে পিঠাগুৰি, নাৰিকল আৰু এচিকুট নিমখ কুহুমীয়া পানীৰে অলপ পাতলকৈ গুলি, ইদলি ষ্টেণ্ডত দি মাইক্ৰৱেভত তিনি মিনিট সময় মাইক্ৰমোদত দি নমাই থলেই হ’ল । ( চেনি বা গুৰ দিব পাৰে )

সুজাতা পাঠক বৰা
Comments (2)
Add Comment
  • Ratul Bora

    বিহুৰ বিশেষ পঠা পঢ়ি ভাল লাগিল। অসমীয়া অাৰু বহুত পিঠা অাছে। ভবিষ্যতে এই সমুহ পিঠাৰ বিষয়েও অৱগত কৰিলে পাঠক সকলে অধিক জানিব পাৰিব বুলি অাশা কৰিলো।
    ৰাতুল বৰা।
    দেৰগাঁও।

  • Ratul Bora

    বিহুৰ বিশেষ পিঠা পঢ়ি ভাল লাগিল। অসমীয়া অাৰু বহুত পিঠা অাছে। ভবিষ্যতে এই সমুহ পিঠাৰ বিষয়েও অৱগত কৰিলে পাঠক সকলে অধিক জানিব পাৰিব বুলি অাশা কৰিলো।
    ৰাতুল বৰা।
    দেৰগাঁও।