শিক্ষক দিৱস আৰু মোৰ অনুভৱ

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ঞু, গুৰুদেৱা মহেশ্বৰ

গুৰু সাক্ষাৎপৰম ব্ৰক্ষ্ম, তস্মৈশ্ৰী গুৰুৱে নম:

সমাজ গঢ়োতা, ভবিষ্যত শ্ৰষ্টা ৰূপে গুৰু সকলে অৱদান আগবঢ়াই আহিছে। সেয়েহে গুৰুসকল যুগে যুগে বন্দিত আৰু সমাদৃত। আজি ৫ চেপ্তেম্বৰ। অৰ্থাৎ শিক্ষক দিৱস। ১৯৬২চনৰ আজিৰ এই বিশেষ দিনটোৰ পৰাই আমাৰ দেশত প্ৰতিবছৰে শিক্ষক দিৱস উদযাপিত হৈ আহিছে।

 
 

আজিৰ দিনটোতেই ডo সৰ্বপল্লী ৰাধাকৃষ্ঞনৰ জন্মদিন। তেখেত একেধাৰে শিক্ষক, দাৰ্শনিক, পণ্ডিত আছিল। ৰাধাকৃষ্ঞন স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি আছিল। শিক্ষক সমাজক অতি শ্ৰদ্ধা, সন্মান কৰিছিল। সেয়েহে তেখেতে ৰাষ্ট্ৰপতি হৈ থকা সময়তে জনোৱা এক আহ্বানৰ পৰিপ্ৰেক্ষিতত তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে সমগ্ৰ দেশে পালন কৰে। এয়া আছিল থুলমুলকৈ শিক্ষক দিৱসৰ তাৎপৰ্য্য।

 

 

শিক্ষক দিৱসৰ দিনটোত বিভিন্ন স্কুল, কলেজ আদিবোৰত ঠাই বিশেষে আলোচনা চক্ৰ, সমাৰোহ আদিবোৰ অনুস্থিত হয়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক সকলক সন্মান প্ৰদৰ্শন কৰে। আমি ভাবো, এই বিশেষ দিনটোতেই কিয়, আমি সকলো দিনতে গুৰুসকলৰ প্ৰতি সদভাব ৰাখিব লাগে, সন্মান প্ৰদৰ্শন কৰিব লাগে। কিয়নো তেখেত সকলৰ শ্ৰম, ধৈৰ্য্য,আৰু কষ্টৰ বিনিময়ত আমি জ্ঞানৰ পোহৰ দেখিবলৈ সক্ষম হ’লো। আমি প্ৰত্যেকেই আজি ক’ৰবাত নহ্য়, ক’ৰবাত নিজে খুটি খাব পৰা হৈছো, চলিব পৰা হৈছো। সেয়েহে তেখেত সকল সদায়ে চিৰনমস্য।

 

এয়া আজি যে কিবা এষাৰ লিখিছো, ইয়াৰ অন্তৰালত শিক্ষাগুৰু জনাৰে অৱদান আছে। এইক্ষেত্ৰত পোনপ্ৰথমে মোৰ দেউতাৰ নাম ল’ব লাগিব। বৰ্ত্তমান তেখেত প্ৰাক্তন শিক্ষক। তেখেতে প্ৰথম কলমেৰে (কেৱল পিতৃ হিচাপেই নহয়, শিক্ষক হিছাপেও)আখৰ চিনালে, বৰ্ণক পৰিচয় কৰি  আঙুলিয়ে কলম ধৰিব পৰা কৰিলে। ইয়াৰ পিছতেই শিক্ষা জীৱনত পোৱা প্ৰতি গৰাকী শিক্ষা গুৰুক অতি শ্ৰদ্ধাৰে সোৱৰিছো। তেতিয়াৰ দিনত অধিকাংশ শিক্ষা গুৰুৱে চেকনি অৰ্থাৎ বেতৰ এচাৰিৰ ভয় দেখুৱাই উশৃংখল মানসিকতাক সুশৃংখল কৰি তুলিছিল। সকলোৱে শিক্ষকৰ প্ৰতি ভয়, শংকা কৰিছিল, অধিক মনোযোগেৰে অধ্যয়নত ব্ৰতী হৈছিল। অৱশ্যে আজিৰ প্ৰজন্মও পঢ়াত বেয়া নহয়! আজিৰ প্ৰজন্মই ভালদৰে পঢ়া-শুনা কৰি বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱাইছে। ই আমাৰ বাবে অতি গৌৰৱৰ কথা! শিক্ষা ব্যৱস্থা পুৰ্বৰ তুলনাত অলপ হলেও উন্নতমানৰ হৈছে। উন্নত প্ৰযুক্তিবিদ্যাও শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। শিক্ষিত হাৰ বাঢ়িছে। ই আমাৰ বাবে সুখবৰ! শিক্ষাৰে শিক্ষিত হৈ আমি উন্নত জীৱন যাত্ৰাৰ বাবে অগ্ৰসৰ হৈ আছো। এই সকলোবোৰে অন্তৰালত আপোনাৰ বা আমাৰ মাজত এজন ব্যক্তিয়ে আছে, সেইজন কোন জানেনে! সেইজনৰ  আমাৰ শিক্ষা গুৰু।  যিজনৰ অবিহনে জ্ঞানৰ প্ৰদীপ নজলিব…সেয়ে আহক গুৰু সকলক নতশিৰে প্ৰণিপাত জনাও আৰু আন্তৰিকতাৰে সু স্বাস্থ্য কামনা কৰো…..।

 

লেখক – সংগীতা শইকীয়া
Comments (2)
Add Comment
  • Sri Labonu Rajkonwar,Namrup

    Really.Hundor.

    • admin

      ধন্যবাদ