অসমীয়া খাদ্য সম্ভাৰৰ নতুন যাত্ৰাত এজন উদ্যমী

কালক্ৰমত হেৰাই যাব ধৰিছে অসমীয়াৰ বিভিন্ন খাদ্য সম্ভাৰৰ। আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰ কিছু সংখ্যকে বৰ্তমান সমাজ জীৱনত অৱহেলিত। কিন্তু এই খাদ্য সম্ভাৰক বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰি  গ্ৰাম্য অৰ্থনীতিক অন্য এক মাত্ৰা প্ৰদান কৰিছে নগাঁৱৰ এজন উদ্যমী যুৱকে। ফুলগুৰি ধেমাজী গাঁৱৰ দীপক কুমাৰ নাথ নামৰ যুৱকজনে অসমী ফুড প্ৰডাক্ট নামৰ আত্মসহায়ক গোটটোৰ জৰিয়তে অসমীয়া খাদ্য সম্ভাৰক বাণিজ্যিক দিশত আগবঢ়াই লৈ গৈছে।
অসমী ফুড প্ৰডাক্টত কলাখাৰ, কৰাইগুৰি, তিলপিঠা, মাহগুৰি, তিলৰলাৰু, মিঠৈলাৰু আদি প্ৰস্তুত কৰা হয়। ইতিমধ্যে দীপক কুমাৰ নাথৰ নেতৃত্বত গোটটোৱে ৰাজ্যিক পৰ্য্যায়ৰ কেইবাখনো বাণিজ্যিক মেলাত প্ৰদৰ্শনীৰ বাৱে নিমন্ত্রণ লাভ কৰিছে আৰু উৰিষ্যাত অনুষ্ঠিত হ’ব লগা সৰ্বভাৰতীয় পৰ্য্যায়ৰ এখন বাণিজ্য মেলালৈ নিমন্ত্রণ লাভ কৰিছে। উল্লেখ্য যে এনে ধৰণৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্রত অৰিহণা যোগোৱা প্ৰচেষ্টাক চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে কিছু সহায় আগবঢ়ালে নিশ্চয়কৈ বহু শিক্ষিত উদ্যমী যুৱক যুবতী উপকৃত হোৱাৰ থল আছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিষয়টো দৃষ্টি দিবলৈ সচেতন মহলে আহ্বান জনাইছে।
সহযোগ কৰিলে -ৰাহুল দেৱ বৰদলৈ
নগাঁও
Comments (0)
Add Comment