এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা

গ্ৰাহকৰ মনোৰঞ্জনৰ অভিজ্ঞতাক অধিক উন্নত কৰাৰ লক্ষ্যৰে ভাৰতী এয়াৰটেলে ইউটিউবৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই অংশীদাৰিত্বৰ অধীনত এয়াৰটেলৰ প্ৰিপেইড গ্ৰাহকসকলে এতিয়া ইউটিউব প্ৰিমিয়ামৰ সুবিধা লাভ কৰিব।

কোম্পানীটোৰ তৰফৰ পৰা জনোৱা অনুসৰি, আজিৰ দিনত মোবাইল ডাটা কেৱল যোগাযোগৰ মাধ্যম হৈ থকা নাই, ই চিনেমা, ৱেব ছিৰিজ, কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিডিঅ’ আৰু সংগীত উপভোগৰ প্ৰধান মাধ্যম হৈ পৰিছে। গ্ৰাহকৰ এই ব্যৱহাৰৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সুবিধাৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব:

– বিজ্ঞাপনবিহীন ইউটিউব অভিজ্ঞতা, ইউটিউব শ্বৰ্টছ সহ
– বেকগ্ৰাউণ্ডত ভিডিঅ’ চলোৱাৰ সুবিধা
– অফলাইনত চাবলৈ ভিডিঅ’ ডাউনলোডৰ সুবিধা
– ইউটিউব মিউজিক প্ৰিমিয়ামৰ সুবিধা

এয়াৰটেলে জনাইছে যে, ইউটিউব প্ৰিমিয়ামৰ সংযোজনৰে তেওঁলোকৰ মনোৰঞ্জনমূলক সেৱাৰ পৰিসৰ অধিক বৃদ্ধি পাইছে। বৰ্তমান এয়াৰটেলৰ মনোৰঞ্জন পেকেজত প্ৰাইম ভিডিঅ’, জিঅ’হটষ্টাৰ, জি৫ প্ৰিমিয়াম, ছনী লিভকে ধৰি ১৮টাতকৈও অধিক OTT প্লেটফৰ্ম উপলব্ধ।

*দাম আৰু কেনেকৈ পাব:

এই সকলো OTTৰ সুবিধা আৰু ইউটিউব প্ৰিমিয়াম ২০০ টকাৰ OTT টপ-আপৰ জৰিয়তে লাভ কৰিব পৰা যাব। এই টপ-আপৰ সৈতে গ্ৰাহকে ৩০ জিবি অতিৰিক্ত ডাটাও লাভ কৰিব।

সক্ৰিয় ৰিচাৰ্জ থকা যিকোনো এয়াৰটেল প্ৰিপেইড গ্ৰাহকে যিকোনো প্ৰিপেইড প্লেনৰ সৈতে এই টপ-আপ ক্ৰয় কৰিব পাৰিব। টপ-আপ ক্ৰয়ৰ পিছত গ্ৰাহকে এয়াৰটেল Thanks App ৰ ‘Rewards & OTTs’ শাখাৰ পৰা ইউটিউব প্ৰিমিয়াম সক্ৰিয় কৰিব পাৰিব। এই সুবিধা টপ-আপৰ ২৮ দিনৰ বৈধতা শেষ নোহোৱালৈকে উপলব্ধ থাকিব।

Comments (0)
Add Comment