পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ডিজেল ইঞ্জিনচালিত যাত্ৰীবাহী ৰেলসমূহ বৈদ্যুতিক ট্ৰেকচন বা বিদ্যুৎচালিত ইঞ্জিনলৈ পৰিবৰ্তনৰ কাম আৰম্ভ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ১৬ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ১২খন ৰে’ল সেৱা ডিজেলৰ পৰা বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন কৰি অধিক পৰিচ্ছন্ন আৰু শক্তি-দক্ষ ৰে’ল পৰিচালনাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ সৈতে চলিত বিত্তীয় বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত বৈদ্যুতিক ট্রেকচনলৈ ৰূপান্তৰিত ৰে’ল সেৱাৰ মুঠ সংখ্যা ৩০খনলৈ বৃদ্ধি পাইছে। এই পদক্ষেপে ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ লগতে পৰিৱেশ বান্ধৱ আৰু বহনক্ষম ৰে’ল পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিছে। এই পদক্ষেপৰ ফলত বছৰি প্ৰায় ৯৮.৫৫ লাখ লিটাৰ ডিজেল ইন্ধন ৰাহি হ’ব। ইয়াৰ লগতে বছৰি প্ৰায় ১৪০ কোটি টকাৰ ব্যয় ৰাহি আৰু প্ৰায় ২৬,৪১১ টন কার্বন ডাই-অক্সাইডৰ নিৰ্গমন হ্রাস হ’ব বুলি আশা কৰা হৈছে। এই ৰূপান্তৰৰ ফলত ডিজেলৰ পৰা বৈদ্যুতিক ট্রেকচনলৈ সলনি কৰাৰ বাবে ইঞ্জিন পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা হ্রাস পাব। ইয়াৰ জৰিয়তে যাত্ৰাৰ সময় ৰাহি হোৱাৰ লগতে ৰে’লৰ সময়ানুৱৰ্তিতা উন্নত হ’ব আৰু যাত্ৰীসকল উপকৃত হ’ব। তদুপৰি, বৈদ্যুতিক ইঞ্জিনত উপলব্ধ হেড অন জেনেৰেচন (এইচ অ’ জি) প্ৰযুক্তিৰ জৰিয়তে উপযুক্ত সুবিধাসম্পন্ন ডবাসমূহলৈ পোনপটীয়াকৈ বিদ্যুৎ যোগান ধৰিব পৰা যাব। ইয়াৰ ফলত জেনেৰেটৰযুক্ত ডবাত ডিজেলৰ ব্যৱহাৰ হ্রাস পোৱাৰ লগতে শব্দ আৰু বায়ু প্ৰদূষণ হ্রাস কৰি অধিক পৰিচ্ছন্ন আৰু আৰামদায়ক ভ্ৰমণৰ পৰিৱেশ গঢ়ি তোলাত সহায়ক হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু মুখ্য বৈদ্যুতিক অভিযন্তা সুধাংশু কৃষ্ণ ডুবেৰ মাৰ্গদর্শন তথা মাণ্ডলিক দলসমূহৰ সমন্বিত প্রচেষ্টাত এই উল্লেখযোগ্য সফলতা অর্জন কৰা হৈছে।