আজিৰ দুটা ইতিবাচক খবৰ

দক্ষ অসম উন্নত অসমৰ শ্লোগানেৰে লতাশিল খেলপথাৰৰ পৰা আজি আৰম্ভ হ’ল ৱাকাথন। ৱৰ্ল্ড য়ুথ স্কিল ডে’ৰ লগত সংগতি ৰাখি অসম দক্ষতা বিকাশ অভিযানে আয়োজন কৰা এই কাৰ্য্যসূচীত উপস্থিত থাকি বাণিজ্যিক তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মানৱ সম্পদক দক্ষ ৰূপত গঢ় দিলেহে দেশখন প্ৰগতিৰ দিশে ধাৱমান হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ নিবনুৱাসকলক আগুৱাই নিবলৈ স্কিল ইণ্ডিয়া মিচন হাতত লৈছে। আমাৰ অসমতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসমত দক্ষতা অভিযানে কাম আৰম্ভ কৰিছে৷ অহা মাৰ্চ মাহৰ আগত দক্ষতা বিকাশ অভিযানৰ অধীনত ১ লাখ নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত ৪ লাখ নিবনুৱাক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা আছে। ইতিমধ্যে বিভিন্ন ঠাইৰ আই আই টি সমূহক তৈল বিভাগৰ লগত সংলগ্ন কৰা হৈছে। অসম দক্ষতা বিকাশ অভিযানে এক সপ্তাহজুৰি অসমৰ বিভিন্ন পিছপৰা জিলাত কাৰ্য্যসূচী গ্ৰহণ কৰিব। আজি ৱাকাথনৰ কাৰ্য্যসূচীত অসম দক্ষতা বিকাশ অভিযানৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, আশুতোষ অগ্নিহোত্ৰী, অমনজিৎ কৌৰ, হিৰেণ নাথ, অভিনেতা যতীন বৰাকে আদি কৰি বহুকেইজন ব্যক্তিয়ে অংশ লয়।

নেচনেল এমেচাৰ বডি বিল্ডাৰ্চ এচ’চিয়েচন আৰু ৱৰ্ল্ড ফিটনেছ ফেডাৰেছন অসম সমিতিৰ উদ্যোগত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত ৬ গৰাকী শৰীৰ চৰ্চাবিদক কালি সম্বৰ্দ্ধনা জনায়৷ উল্লেখযোগ্য যে চিংগাপুৰত অনুষ্ঠিত হোৱা ডব্লিউ এফ এফ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অচ্যুত কলিতা, শ্বৰিফুল আলম শইকীয়া, মনোজ মহন্ত, কুশল চাংমাই, কুইন বুঢ়াগোঁহাই, নিপানন্দ হাজৰিকাই শীৰ্ষ প্ৰতিযোগীৰ মাজত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ সম্বৰ্দ্ধনা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নাবা ডব্লিউ এফ এফ ইণ্ডিয়াৰ সভাপতি ধীৰাজ মোহন দাসে প্ৰতিযোগিতাখনৰ অভিজ্ঞতা সম্পৰ্কে কোৱাৰ লগতে বিগত বৰ্ষসমূহত নাবা অসম তথা ভাৰতৰ সফলতাৰ সম্পৰ্কে অৱগত কৰে৷ অনুষ্ঠানত বহুকেইজন ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদৰ লগতে দল, সংগঠন, ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰেমীয়ে অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment