কৰ্মৰ অনুপ্ৰেৰণা ৯৯বছৰীয়া তৰুণ

বয়সে তলাব নোৱাৰা এজন দুদান্ত তৰুণ।শতবৰ্ষ গৰকিবলৈ মাজত মাত্ৰ এটা বছৰ  তৰুণজনৰ আছে ।এডাল লাখুটিক সাৰথি কৰিয়ে তেখেতে  দৈনন্দিন জীৱনৰ নিজৰ সমস্ত কাম কৰে।পশুধনক চোৱা চিতাৰ উপৰিও এটা ভাটৌক চোৱা চিতা কৰে।শুনি আচৰিত হ’ব এই বয়সতো তেখেতে প্ৰতিদিনে ২কিলো মিটাৰ খোজ কাঢে।তেখেতৰ নাম ক্ষেতেকেশ্বৰ বৰুৱা।গোলাঘাট চান্দমাৰিৰ ১০নং ৱাৰ্ডৰ বাসিন্দা।তেখেতে সুস্বাস্থ্যৰ গৰাকী হোৱাৰ মূলতে আছে দৈনন্দিন জীৱন শৈলী  খাদ্যৰ তালিকাত আছে নিৰামিষ ভাত, কল,গাখীৰ আৰু পিঠাগুৰি।জানিব পৰা মতে সৰুৰে পৰা তেখেত স্বাস্থ্যৰ প্ৰতি সজাগ আছিল।১৯৩২ চনত অসমত মহাত্মা গান্ধীক লগ পাইছিল।৯৯বছৰত ভৰি দিয়া এই তৰুণৰ কৰ্ম সকলোৱে আদৰ্শ হৈ ৰওক।সুস্বাস্থ্যৰ গৰাকী হওক।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা থাকিল বহু শুভকামনা।

Comments (0)
Add Comment