প্ৰকৃতিপ্ৰেমী এজন ব্যক্তিৰ কৰ্মৰে

এগৰাকী প্ৰকৃতি প্ৰেমী। তেখেতে সংৰক্ষণ কৰিছে ৫০০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ। যোৰহাট জিলাৰ ৰঙাজানৰ মিঠু গগৈ নামৰ ব্যাক্তিজনে আজি ৪ বছৰে অৰ্কিড সংৰক্ষণৰ লগত জৰিত হৈ আছে। মিঠু গগৈৰ এনে প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি আমি কথা পাতিছিলো,  তেখেতে এনেদৰে কয়… সৰুৰে পৰা মই প্ৰকৃতি প্ৰেমী আছিলো।

এবাৰ মেঘালয় ভ্ৰমণৰ বাবে যাওতে মেঘালয়ৰ স্বচ্ছ গাওঁখনত অৰ্কিড সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক দেখি আনন্দিত হৈছিলো। আৰু তেতিয়াই ঠিৰাং কৰিছিলো যে মই এখন অৰ্কিডৰ বাগান কৰো। আৰু সেইমতে আগবাঢ়িছিলো। এই কামটো কৰিবলৈ যাওতে মোৰ বিশেষ কষ্ট হোৱা নাছিল। কাৰণ মই খেতিৰ লগত জৰিত। মোৰ ঘৰতে ৩২০ জোপা তামোল গছ আছে। যাৰ বাবে অতি সহজতে প্ৰাকৃতিক ভাবে অৰ্কিড সংৰক্ষণ কৰিবলৈ সক্ষম হ’লো।

অৱশ্যে কৃত্ৰিম ভাবে কাঠৰ টুকুৰা বিলাকত বাঁহৰ সহযোগত অৰ্কিড সংৰক্ষণ কৰি আহিছো। বিশেষকৈ শিয়াল নেজীয়া, ভাটৌ ফূটীয়া অৰ্কিড বিভিন্ন প্ৰজাতিৰ অৰ্কিড গগৈৰ বাগানত আছে। মিঠু গগৈৰ ভাষাত ক’বলৈ গ’লে কোনো প্ৰশিক্ষণ নোহোৱাকৈ এই অৰ্কিডবোৰ সংৰক্ষণ কৰি গৈছো। এয়া মোৰ হবিহে। উল্লেখযোগ্য মিঠু গগৈয়ে অসমৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰ বিভিন্ন দুৰ্গম অঞ্চলৰ পৰা অৰ্কিড সংৰক্ষণ কৰে। মিঠু গগৈৰ এনে প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment