যুৱ উদ্যমীয়ে পৰিবৰ্তন অনাৰ প্ৰয়াস কৰিছে

সমাজৰ বিভিন্ন ক্ষেত্ৰত এনে বহু লোক আছে, যি সকলে নীৰৱে কাম কৰি লাভ কৰে মানৱীয় প্ৰশান্তি। সমাজৰ প্ৰতি দায়বদ্ধতা তথা বহু বৰঙণি আগবঢ়োৱাৰ পিছতো এইসকলে কিন্তু স্বীকৃতিৰ পিছে পিছে দৌৰি কেতিয়াও হাবাথুৰি নাখায়। তেনে এজন যুৱ উদ্যমীৰ গাঁথাৰে আজিৰ এই প্ৰতিবেদন।


সাম্প্ৰতিক কালৰ অসমীয়া সংবাদ ক্ষেত্ৰখন তথা সাহিত্য ক্ষেত্ৰখনৰ অন্যতম চিনাকি নাম হ’ল হীৰেন শৰ্মা। ব্যতিক্ৰমী চিন্তা চৰ্চাৰে সংবাদ ক্ষেত্ৰখনত প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ তেওঁ সমাজৰ বিভিন্ন কামৰ সৈতে নিজকে নিয়োজিত কৰি আহিছে। হাইস্কুলত পঢ়ি থকাৰে পৰা সমাজৰ হকে সেৱা আগবঢ়াই আহিছে। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ল’ৰা ছোৱালীৰ মাজত শৈক্ষিক সজাগতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে। এককভাৱেই তেওঁ সমাজবিৰোধী কাম-কাজৰ প্ৰতিবাদ কৰি আহিছে। স্কুলত পঢ়ি থাকোতে সেউজ গাঁও উন্নয়ন সংস্থা নামেৰে এটা সংস্থা জন্ম দি তেওঁ বিভিন্ন কাম-কাজ আগবঢ়ায়। পৰৱৰ্তী সময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৈতে জড়িত হোৱাৰ লগতে গুৱাহাটীত থকা নগাঁৱৰ লোকসকলক তেওঁ একত্ৰিত কৰি আৰ্তজনক সহায়ৰ হাত আগবঢ়ায়। কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ সৈতে সাতগৰাকী অসমৰ আগশাৰীৰ ব্যক্তিকলৈ তেওঁ নগাঁৱৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ মাজত সজাগতাৰ প্ৰয়াস চলায়। নগাঁও জিলাৰ দক্ষিণপাট সত্ৰত জন্ম গ্ৰহণ কৰা হীৰেন শৰ্মা সৰুৰে পৰা অভিনয়ৰ সৈতেও জড়িত। তেওঁ চিনেমা, টেলিভিছনৰ ধাৰাবাহিকতো অভিনয় কৰিছে। সংগীতৰ সৈতেও জড়িত শৰ্মাৰ নিজা প্ৰডাকচনত অসমত প্ৰথমবাৰৰ বাবে দুৰ্গা চণ্ডীক সংগীতৰ ৰূপ দি সংস্কৃতৰ এটা এলবামো প্ৰকাশ পাইছে৷ ইতিমধ্যে তেওঁৰ তিনিখন গ্ৰন্থও প্ৰকাশ পাইছে। শেহতীয়াকৈ তেওঁ “সুস্থ সমাজ, সবল গণতন্ৰ”ৰ লক্ষ্যৰে অসম ডেম’ক্ৰেটিক ফ’ৰাম নামৰ অৰাজনৈতিক সংগঠনৰ জন্ম দিছে। হীৰেন শৰ্মা বৰ্তমান অসমীয়া প্ৰতিদিন কাকতত কৰ্মৰত। নিজকে সমাজ সংগঠক হিচাপে পৰিচয় দি ভালপোৱা এইগৰাকী যুৱক অনাগত দিনত সামাজিক কাম-কাজেৰে জিলিকি উঠক।

Comments (3)
Add Comment
  • Dr P M Goswami

    Heartiest best wishes to Hiren Sarma.Go ahead. May God bless u.

  • NABAJYOTI BORAH

    Best wishes dear brother. May God bless u.

  • Hiren

    Thank you so much