NHTTF ৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসে সম্বৰ্ধনা জনালে মন্ত্ৰী পীযুশ হাজৰিকাক

ৰাজ্যৰ আগশাৰীৰ টেবুল টেনিছৰ প্ৰশিক্ষন কেন্দ্ৰ গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছন। ফাউন্ডেছনৰ মুখ্য প্ৰশিক্ষক প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাসে বুধবাৰে জনতা ভৱনত অসম টেবুল টেনিছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ সভাপতি মন্ত্ৰী পীযুশ হাজৰিকাক সম্বৰ্ধনা জনায়। জনতা ভৱনতে প্ৰশিক্ষক গৰাকীৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ টেবুল টেনিছক আগবঢ়াই লৈ যোৱাৰ বাবে আলোচনা হয়। আগন্তুক দিনত অসমত টেবুল টেনিছ খেলুৱৈ , প্ৰশিক্ষক আৰু সংগঠক লগতে অভিভাৱককো উচিত মৰ্য্যদা দিব বুলি নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসক জনায়। অসমত একাডেমীৰ সংখ্যা বৃদ্ধি আৰু খেলুৱৈক সুবিধা প্ৰদান সম্পৰ্কতো আলোচনা হয়।

Comments (0)
Add Comment