ৰাজ্যৰ আগশাৰীৰ টেবুল টেনিছৰ প্ৰশিক্ষন কেন্দ্ৰ গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছন। ফাউন্ডেছনৰ মুখ্য প্ৰশিক্ষক প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাসে বুধবাৰে জনতা ভৱনত অসম টেবুল টেনিছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ সভাপতি মন্ত্ৰী পীযুশ হাজৰিকাক সম্বৰ্ধনা জনায়। জনতা ভৱনতে প্ৰশিক্ষক গৰাকীৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ টেবুল টেনিছক আগবঢ়াই লৈ যোৱাৰ বাবে আলোচনা হয়। আগন্তুক দিনত অসমত টেবুল টেনিছ খেলুৱৈ , প্ৰশিক্ষক আৰু সংগঠক লগতে অভিভাৱককো উচিত মৰ্য্যদা দিব বুলি নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসক জনায়। অসমত একাডেমীৰ সংখ্যা বৃদ্ধি আৰু খেলুৱৈক সুবিধা প্ৰদান সম্পৰ্কতো আলোচনা হয়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ