অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনৰ ‘বি’ ব্লকস্থিত সন্মিলন কক্ষত আগন্তুক ‘খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহ’ৰ প্ৰস্তুতি সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে।
বৈঠকত ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তলৈ ক্ৰীড়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে গ্ৰহণ কৰা এই ঐতিহাসিক ক্ৰীড়া পদক্ষেপৰ আগন্তুক সংস্কৰণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। খেল মহাৰণ ৩.০-ত অন্তৰ্ভুক্ত আঠটা ক্ৰীড়া শাখা— এথলেটিকছ, যোগাসন, দবা, ফুটবল, ভলীবল, বক্সিং, একুৱাথলন আৰু সাঁতোৰ সন্দৰ্ভত বৈঠকত বিতং আলোচনা কৰা হয়।
প্ৰস্তুতিৰ অংশ হিচাপে এই প্ৰতিযোগিতাৰ মাছকট, ল’গ’ আৰু থিম ছংৰ সৈতে জড়িত বিভিন্ন দিশো আলোচনা কৰা হয়। উল্লেখযোগ্য যে, খেল মহাৰণ ৩.০-ৰ এক অন্যতম মূল অংশ ‘শিশু ক্ৰীড়া সমাৰোহে’ এক শৃংখলাবদ্ধ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ক্ৰীড়া শাখাত উদীয়মান প্ৰতিভাসমূহ চিনাক্তকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিব। এই পদক্ষেপৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ যুৱ খেলুৱৈসকলক জলপানী প্ৰদানৰ বাবে বাছনি কৰা হ’ব আৰু ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকৰ উত্তৰণৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়োৱা হ’ব।
উক্ত বৈঠকত ক্ৰীড়া বিভাগৰ বিশেষ সচিব শ্ৰী কৌচৰ জে. হিলালী, ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীৰ লগতে ক্ৰীড়া বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।