মুম্বাইৰ মজিয়াত জিলিকিল উত্তৰ-পূব- অসমৰ ড° যোগেশ দেউৰীলৈ নমস্তে জীৱনজোৰা সাধনা বঁটা

0 45

মুম্বাইৰ বুকুত জিলিকি উঠিল উত্তৰ-পূব ভাৰতৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু গৌৰৱ। ১৪ নৱেম্বৰ, শনিবাৰে মুম্বাইস্থিত নেশ্যনেল ষ্টক এক্সচেঞ্জ (NSE)-ৰ মুখ্য কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰদান কৰা হয় ২০২৬ বৰ্ষৰ মৰ্যাদাপূৰ্ণ ‘নমস্তে বঁটা’ (NAMASTE Awards 2026)। ‘আমেজিং নমস্তে ফাউণ্ডেশ্যন’ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উত্তৰ-পূবৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তি আৰু প্ৰতিষ্ঠানক তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে সন্মানিত কৰা হয়।

অসমৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয় যে ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিত্ব ড° যোগেশ দেউৰীক ‘জীৱনজোৰা সাধনা’ (Lifetime Achievement) বঁটাৰে বিভূষিত কৰা হয়। তেওঁৰ লগতে উত্তৰ-পূবৰ আন চাৰিখন ৰাজ্যৰ কেইবাগৰাকী ব্যক্তি তথা প্ৰতিষ্ঠানকো বিভিন্ন শিতানত সন্মানিত কৰা হয়। সেই অনুসৰি মিজোৰামৰ পল এল. খুমালৈ জনসেৱা আৰু সু-প্ৰশাসন সন্মান, অৰুণাচল প্ৰদেশৰ ডিমুম পাৰ্টিনক উদ্যোগীকৰণ আৰু ষ্টাৰ্ট-আপ সন্মান, নাগালেণ্ডৰ কিক্ৰুমা গাঁও পৰিষদক বহনক্ষমতা আৰু পৰিৱেশ শিতানৰ সন্মান, আৰু মণিপুৰৰ য়ুমনাম ভূৱনেশ্বৰ সিঙক সংস্কৃতি সংৰক্ষণ শিতানত সন্মান জনোৱা হয়।
অনুষ্ঠানটোৰ অন্যতম মুখ্য আকৰ্ষণ আছিল ‘লুম অৱ অৰিজিনছ’ (Loom of Origins) শীৰ্ষক এক বিশেষ ফেশ্বন শ্ব’। ইয়াত ২৫ গৰাকী মডেলে উত্তৰ-পূবৰ থলুৱা আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ৰেম্পত খোজ দিয়ে। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ দৰ্শকৰ আগত এই প্ৰদৰ্শনীয়ে উত্তৰ-পূবৰ চহকী বস্ত্ৰশিল্প, শিপিনীৰ নিপুণ কাৰুকাৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যক এক নতুন মাত্ৰা প্ৰদান কৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল যিষ্ণু দেৱ বৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত মহাৰাষ্ট্ৰ চৰকাৰৰ দক্ষতা, নিয়োগ, উদ্যোগীকৰণ আৰু উদ্ভাৱন মন্ত্ৰী মংগল প্ৰভাত লোধাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। মহাৰাষ্ট্ৰ আৰক্ষীৰ এছ.আই.ডি. (SID) আয়ুক্ত শিৰীষ জৈন (আই.পি.এছ.), মহাৰাষ্ট্ৰ লোক ভৱনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিও অনুষ্ঠানটোত উপস্থিত থাকে।ছাৰ্ক (SARC)-ৰ সহযোগিতা আৰু এন.এছ.ই. (NSE)-ৰ আতিথ্যত সম্পন্ন হোৱা এই অনুষ্ঠানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ-পূবৰ প্ৰতিভা আৰু ঐতিহ্যক জিলিকাই তোলাৰ এক শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.