নগৰীয়া স্বচ্ছতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰি গুৱাহাটীয়ে স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ অধীনত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে গুৱাহাটীয়ে অসমৰ প্ৰথমখন স্বচ্ছ চহৰ হিচাপে স্বীকৃতি লাভ কৰিলে।
আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগম (জিএমচি)ৰ মেয়ৰ মৃগেন শৰণীয়া, বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন আৰু জিএমচিৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনে এই সন্মানীয় বঁটা গ্ৰহণ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী টখেন চাহু উপস্থিত থাকে।
এই স্বীকৃতিয়ে গুৱাহাটীৰ স্বচ্ছতা আৰু পৰিচ্ছন্নতা নিশ্চিত কৰাৰ ক্ষেত্ৰত নিয়োজিত চাফাই কৰ্মীসকলৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগ আৰু সংস্থাৰ বিষয়া-কৰ্মচাৰীসকলৰ নিৰন্তৰ প্ৰচেষ্টা, নিষ্ঠা আৰু গুৱাহাটীবাসীৰ সক্ৰিয় সহযোগিতাৰ প্ৰতিফলন ঘটাইছে। এই সাফল্যত গুৱাহাটী পৌৰ নিগম আৰু টীম গুৱাহাটীৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।
এই সাফল্যৰ বাবে মন্ত্ৰী ৰায়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী দৃষ্টিভংগী আৰু নগৰীয়া স্বচ্ছতা তথা নাগৰিক আন্তঃগাঁথনিৰ উন্নয়নৰ দিশত আগবঢ়োৱা নিৰন্তৰ প্ৰেৰণা আৰু নিৰ্দেশনাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
সাফল্যৰ সৈতে জড়িত সকলো পক্ষক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই স্বীকৃতি কেৱল এক বঁটা নহয়, বৰঞ্চ গুৱাহাটীক অধিক স্বচ্ছ, সেউজীয়া আৰু সুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ দিশত এক নতুন দায়িত্ব। এই সন্মান অৰ্জনত অৱদান আগবঢ়োৱা প্ৰতিগৰাকী চাফাই কৰ্মী, বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু নাগৰিকৰ নিষ্ঠা, আন্তৰিকতা আৰু সহযোগিতাৰ তেওঁ ভূয়সী প্ৰশংসা কৰে।
এই সাফল্যই এখন পৰিষ্কাৰ, স্বাস্থ্যকৰ আৰু বহনক্ষম গুৱাহাটী গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
আজিৰ বঁটা প্ৰদান অনুষ্ঠানত স্বচ্ছ ভাৰত মিছন, অসমৰ মিছন সঞ্চালক সব্যসাচী কাশ্যপো উপস্থিত থাকে।